আলমগঞ্জত ধুবুৰী প্ৰশাসনৰ উচ্ছেদ অভিযান সম্পূৰ্ণ


 

গৌৰীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আলমগঞ্জত দেওবাৰে ধুবুৰী জিলা প্ৰশাসনে এক বৃহৎ উচ্ছেদ অভিযান চলাই প্ৰায় ৬৫০ বিঘা চৰকাৰী ভূমি বেদখলমুক্ত কৰে। পুৱতি নিশাৰ পৰা ব্যাপক প্ৰস্তুতি আৰু কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে আৰম্ভ হোৱা এই দিনজোৰা অভিযানৰ সামৰণিৰ পৰে।

অভিযানৰ সফল সামৰণিৰ পিছত ধুবুৰীৰ জিলা আয়ুক্ত দিবাকৰ নাথে সংবাদ মাধ্যমৰ আগত সদৰী কৰে যে-  দীৰ্ঘদিন ধৰি বেদখল হৈ থকা চৰকাৰী ভূমি উদ্ধাৰৰ লক্ষ্যৰে প্ৰশাসনে বুলডজাৰ আৰু জেচিবিৰ সহায়ত এই ক্ৰিয়াৱেশ হাতত লৈছিল।

এই উচ্ছেদ অভিযানৰ মূল উদ্দেশ্য কেৱল চৰকাৰী ভূমি বেদখলমুক্ত কৰাই নহয়, ধুবুৰী জিলাৰ ভৱিষ্যৎ ঔদ্যোগিক বিকাশৰ এক বৃহৎ পৰিকল্পনাও ইয়াৰ লগত জড়িত হৈ আছে। উদ্ধাৰ হোৱা এই ভূমিত চৰকাৰে এটি ‘ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক’ (Industrial Park) নিৰ্মাণৰ পৰিকল্পনা হাতত লৈছে।

জিলা আয়ুক্ত দিবাকৰ নাথে জনোৱা মতে, প্ৰস্তাৱিত এই ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক নিৰ্মাণৰ বাবে মুঠ প্ৰায় ৩,০০০ বিঘা ভূমিৰ প্ৰয়োজন হ’ব। উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ হিচাপে পৰিচিত ধুবুৰী জিলাত এই ঔদ্যোগিক পৰিকল্পনাই ভৱিষ্যতে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশ আৰু স্থানীয় যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ নতুন সম্ভৱনাৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে।

দেওবাৰৰ অভিযানৰ সময়ত এক বিশেষ পৰিস্থিতিৰ সৃষ্টি হয়। উচ্ছেদৰ সময়ত বুলডজাৰ চলাই থকা অৱস্থাত জেচিবিৰ চালকজন হঠাৎ অচেতন হৈ পৰাত প্ৰশাসনে সেই স্থানৰ উচ্ছেদ অভিযান সাময়িকভাৱে স্থগিত ৰাখে।

স্থানীয় লোকসকলৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই প্ৰশাসনে বিষয়টো আলোচনা সাপেক্ষে সমাধান কৰাৰ সিদ্ধান্ত লয়। জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰা মতে, পৰৱৰ্তী সময়ত সংশ্লিষ্ট মাজাৰ আৰু কবৰস্থান পৰিচালনা সমিতিৰ সৈতে আলোচনা কৰি আইনগত প্ৰক্ৰিয়া অনুসৰি এই স্থানসমূহৰ বিষয়ে সিদ্ধান্ত লোৱা হ’ব।

উচ্ছেদ অভিযানৰ ফলত গৃহহীন হৈ পৰা লোকসকলৰ প্ৰতিও জিলা প্ৰশাসনে মানবিক দৃষ্টিকোণৰ পৰা পদক্ষেপ গ্ৰহণ কৰিছে। উচ্ছেদিত ভূমিহীন পৰিয়ালসমূহৰ অস্থায়ী বসতি স্থাপনৰ বাবে প্ৰশাসনে চিৰাখোৱা আৰু বয়জেৰ আলগাত ভূমি চিনাক্ত কৰি ৰাখিছে। উচ্ছেদিত পৰিয়ালৰ সংখ্যা প্ৰাথমিকভাৱে প্ৰায় ৬৫০ ৰ পৰা ৮০০ টা বুলি প্ৰকাশ পাইছে যদিও প্ৰশাসনৰ তৰফৰ পৰা চূড়ান্ত পৰিসংখ্যা এতিয়াও নিশ্চিত কৰা হোৱা নাই।

সামগ্ৰিকভাৱে আলমগঞ্জৰ এই উচ্ছেদ অভিযানে ধুবুৰী জিলাৰ ভূমি বেদখলমুক্তকৰণ আৰু ঔদ্যোগিকৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে। বৰ্তমান সকলোৰে দৃষ্টি উদ্ধাৰ হোৱা ভূমিত প্ৰস্তাৱিত ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ কাম-কাজ আৰু উচ্ছেদিত পৰিয়ালসমূহৰ পুনৰ সংস্থাপনৰ ওপৰত নিৱদ্ধ হৈছে।

Post a Comment

Previous Post Next Post