তেজপুৰত 'অসম ফেশ্বন উইকেণ্ড-২৬'ৰ অডিশ্বন সম্পন্ন


 

বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতিৰে সমৃদ্ধ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা পাট, মূগা, এড়ী আৰু বিভিন্ন জনগোষ্ঠীয় বোৱা-কটা কাপোৰক বিশ্বৰ ফেশ্বন জগতত এক সুকীয়া মৰ্যাদাৰে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে তেজপুৰৰ উদীয়মান ফেশ্বন ডিজাইনাৰ কৌশিক মোদকে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।

দিল্লীৰ প্ৰখ্যাত 'জে দি কলেজ অফ ফেশ্বন' আৰু 'এন আই এফ টি' (NIFT) ৰ পৰা ফেশ্বন ডিজাইনিং সমাপ্ত কৰি সুদীৰ্ঘ ১৪ বছৰ ৰাজধানী চহৰত কৰ্মৰত থকাৰ পাছত কৌশিক মোদকে পুনৰ তেজপুৰলৈ উভতি আহি থলুৱা কাপোৰৰ আধুনিকীকৰণত আত্মনিয়োগ কৰে।

তেজপুৰ মিছন চাৰিআলি সমীপস্থ ‘হোটেল গ্ৰীণ উদ’ চৌহদত অডিশ্বন কাৰ্যসূচীৰে আৰম্ভ হয়‘লেকমিট কনষ্ট্ৰাকচন অসম ফেশ্বন উইকেণ্ড-২০২৬’ (Lakmit Construction Assam Fashion Weekend '26)। কৌশিক মোদকৰ একক প্ৰচেষ্টাত অনুষ্ঠিত এই প্ৰথমটো অডিশ্বনত শ্বিলং, দাৰ্জিলিং, অৰুণাচল প্ৰদেশ, গুৱাহাটী, যোৰহাট, শিৱসাগৰ, তেজপুৰ, নগাঁও, বিশ্বনাথ আৰু জামুগুৰিহাটৰ শতাধিক যুৱক-যুৱতী আৰু কন-কন শিশুৱে ৰেম্পত কেটৱাক কৰে। অডিশ্বনত বিচাৰক হিচাপে উপস্থিত থাকে কমল দে, সঞ্জু ৰয়, জুবি কলিতা আৰু মানৱ কাশ্যপ।

আনহাতে,কৌশিক মোদকে জনোৱা মতে, এই ফেশ্বন প্ৰতিযোগিতাখনৰ ফাইনেলত ভাগ লোৱা প্ৰতিগৰাকী প্ৰতিযোগীয়ে কেৱল অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা পাট, মূগা, এড়ী, নুনি আৰু থলুৱা কপাহী কাপোৰেৰে প্ৰস্তুত কৰা আধুনিক সাজপাৰহে পৰিধান কৰিব লাগিব।

মোদকে উল্লেখ কৰে যে দেশৰ আন প্ৰান্তৰ কাপোৰতকৈ অসমৰ বস্ত্ৰৰ মান বহু উৎকৃষ্ট। গৰমৰ বাবে ‘নুনি’ আৰু শীতৰ বাবে ‘এড়ী’ কাপোৰ ব্যৱহাৰ কৰি বিশ্বমানৰ ফেশ্বন সাজপোছাক তৈয়াৰ কৰিব পৰা যায়।  প্ৰতিভাৱান মডেলসকলক বিচাৰি উলিওৱা আৰু ফেশ্বন জগতত নিজৰ স্বকীয়তা তথা প্ৰতিভা প্ৰদৰ্শনৰ বাবে নৱপ্ৰজন্মক এখন ৰাষ্ট্ৰীয় মঞ্চ প্ৰদান কৰা।

উল্লেখ্য যে, অহা ১৩ ডিচেম্বৰত তেজপুৰৰ হোটেল গ্ৰীণ উদতে এই ‘লেকমিট কনষ্ট্ৰাকচন অসম ফেশ্বন উইকেণ্ড-২০২৬’ৰ চূড়ান্ত নিৰ্ণায়ক (ফাইনেল) পৰ্ব অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে ২০২৫ বৰ্ষত গুৱাহাটীত আয়োজিত 'মিছ অসম' প্ৰতিযোগিতাতো মোদকে থলুৱা কাপোৰৰ সফল প্ৰদৰ্শন নিশ্চিত কৰাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ ফেশ্বন ডিজাইনাৰসকলক অসমৰ সমৃদ্ধিশালী বস্ত্ৰশিল্প প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ জনাই আনিছিল।

Post a Comment

Previous Post Next Post