বিশ্ব ৰেকৰ্ডত অংশগ্ৰহণ কৰা বিহুৱা-বিহুৱতীয়ে সহায়ৰ হাত আগবঢ়ালে বৃদ্ধাশ্ৰমৰ ককা-আইতাক, সবিশেষ জানক


 বিহুৰ বিশ্ব ৰেকৰ্ডত অংশগ্ৰহণ কৰা বিহুৱা-বিহুৱতীয়ে চৰকাৰৰ পৰা পোৱা ২৫ হাজাৰ টকাৰ কিছু অংশৰে সহায়ৰ হাত আগবঢ়ালে মঙলদৈৰ বৃদ্ধাশ্ৰমৰ আইতা সকলক। গুৱাহাটী সৰুসজাই ষ্টেডিয়ামৰ বিহুত অংশগ্ৰহণ কৰি পোৱা ধনৰ কিছু অংশ অনুদান হিচাবে দিলে মঙলদৈ নিৰিবিলি বৃদ্ধাশ্ৰমত।

ওদালগুৰি জিলাৰ ১০৫ গৰাকী বিহুৱা-বিহুৱতীৰ হৈ দহ গৰাকী নাচনী-ঢুলীয়াই বৃদ্ধাশ্ৰমত আইতাসকলৰ খবৰ লোৱাৰ লগতে চৰকাৰৰ পৰা পোৱা ২৫ হাজাৰ টকাৰ পৰা কিছু অংশ ধন দি সহায় কৰে ককা-আইতা সকলক। লগতে আই নাম গাবলৈ এযোৰ নাগাৰা প্ৰদান কৰে ওদালগুৰিৰ বিহুৱা-নাচনীসকলে।

বৃদ্ধাশ্ৰমত উপস্থিত হৈ ককা-আইতা সকলক অনুদান আগবঢ়াই বিহুৱা সকলে কয় ‘‘বিহু আমাৰ তেজত আছে, বিহু আমাৰ আবেগ ৷ আমি পইচাৰ কাৰণে বিহু নচা নাই । বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে বিশ্ব ৰেকৰ্ডত অংশগ্ৰহণ কৰিছিলো। ইয়াৰ আগতেও আমি বিহু নাচি আহিছো ৷ কিন্তু এটা সময়ত একাংশ লোকে সামাজিক মাধ্যমত ২৫ হাজাৰকৈ ধন লাভ কৰাৰ বাবে বহু সমালোচনা কৰিছিল। নাচনী-ঢুলীয়াক টকা দিয়াৰ বাবেই ৰাজ্যত মূল্যবৃদ্ধি হোৱা বুলিও সমালোচনা কৰিছিল। যিটোৱে আমাক দুখ দিছিল আৰু তেনে কাৰণতে আমি সকলোৱে আলোচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিলো। এয়াই আমাৰ শেষ নহয়। আগলৈও আমি দুখীয়া দৰিদ্ৰ পৰিয়ালৰ লগতে বৃদ্ধাশ্ৰমৰ আইতা সকলক সহায় কৰিম। আমি আইতাসকলক এনেকৈ সহায় কৰিবলৈ পায় যথেষ্ট আনন্দ পাইছো।’’

ইফালে বিহুৱা-বিহুৱতী সকলৰ মৰমত আবেগিক হৈ পৰিল ককা আইতাসকল। নিজৰ পুত্ৰ-নাতি-নাতিনীক পোৱা যেন অনুভৱ হোৱা বুলি ব্যক্ত কৰিলে বৃদ্ধাশ্ৰমৰ আইতাসকলে। আনহাতে, এই ব্যতিক্ৰমী পদক্ষেপক সকলোৱে আদৰণি জনাইছে । এই পদক্ষেপ আন দহজনৰ কাৰণে আদৰ্শস্বৰূপ হৈ পৰিছে।

Post a Comment

Previous Post Next Post