তিনিচুকীয়া জিলাৰ প্ৰতিটো বিধানসভা সমষ্টিতে হ'ব ২১ টাকৈ আদৰ্শ অংগনৱাড়ী কেন্দ্র


 

অংগনৱাড়ী হৈছে ভাৰতৰ এক প্ৰকাৰৰ গ্ৰাম্য শিশু যত্ন কেন্দ্ৰ। শিশুৰ ক্ষুধা আৰু পুষ্টিহীনতাৰ বিৰুদ্ধে যুঁজিবলৈ ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট চাৰ্ভিচেছ কাৰ্যসূচীৰ অংশ হিচাপে ভাৰত চৰকাৰে ১৯৭৫ চনত এই কাৰ্যসূচী আৰম্ভ কৰিছিল। হিন্দী ভাষাত অংগনবাদী বা অংগনৱাড়ীৰ অৰ্থ হৈছে ‘চোতালৰ আশ্ৰয়’। এটি সাধাৰণ অংগনৱাড়ী কেন্দ্ৰই এখন গাঁৱত প্ৰাথমিক স্বাস্থ্য সেৱা প্ৰদান কৰে।

ই ভাৰতীয় জনস্বাস্থ্য সেৱা প্ৰণালীৰ এটা অংশ। তিনিচুকীয়া জিলাৰ সমাজ কল্যাণ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত সোণতৃষ্ণা ঘৰফলীয়াৰ সভাপতিত্বত জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত নাবাৰ্ডৰ আন্তঃগাঁথনি উন্নয়ন সহায়ক পুঁজিৰ অধীনত তিনিচুকীয়া জিলাখনত আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ সন্দৰ্ভত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে, নাবাৰ্ড আন্তঃগাঁথনি উন্নয়ন সহায়ক পুঁজিৰ অধীনত তিনিচুকীয়া জিলাৰ প্ৰতিটো বিধানসভা সমষ্টিতে ২১ টাকৈ আদৰ্শ অংগনৱাড়ী কেন্দ্র নিৰ্মাণ কৰা হ’ব।

তিনিচুকীয়া জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া, আটাইকেইটা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া তথা সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই সভাত অতিৰিক্ত উপাযুক্ত গৰাকীয়ে বিধানসভা সমষ্টি অনুযায়ী এই আদৰ্শ অংগনৱাড়ী কেন্দ্র নিৰ্মাণৰ কামৰ অগ্ৰগতিৰ বিষয়ে বিতংভাৱে পৰ্যালোচনা কৰাৰ লগতে যিসমূহ আদৰ্শ অংগনৱাড়ী কেন্দ্রৰ কাম এতিয়ালৈকে আৰম্ভ হোৱা নাই সেইসমূহৰ কাম ২৬ জুলাইৰ ভিতৰত আৰম্ভ কৰিবলৈ আহ্বান জনায়।আনহাতে, NIDA ৰ অধীনত নিৰ্মাণ হ’বলগীয়া এই আদৰ্শ অংগনৱাড়ী কেন্দ্রসমূহৰ কাম অক্টোবৰ মাহৰ ভিতৰত সম্পূর্ণ কৰিব লাগিব বুলিও অতিৰিক্ত উপায়ুক্তগৰাকীয়ে সভাত উল্লেখ কৰে। পূৰ্বৰ অংগনৱাড়ী কেন্দ্ৰসমূহৰ তুলনাত এই আদৰ্শ কেন্দ্ৰসমূহত উন্নত সুবিধা আছে ৷

ইয়াত সপ্তাহৰ প্ৰতিটো দিনতে বিদ্যুৎ আৰু পানীৰ সুবিধা লাভ কৰিব পাৰি ৷ অংগনৱাড়ী কৰ্মীসকলে আইচিডিএছ ৰূপায়ণৰ বাবে উন্নত প্ৰশিক্ষণ লাভ কৰাৰ লগতে কেন্দ্ৰটোত শিশুসকলৰ শাৰীৰিক আৰু মানসিক বিকাশকে ধৰি সকলোধৰণৰ যত্ন লয় শিক্ষয়িত্ৰী সকলে।

Post a Comment

Previous Post Next Post