সিদিনালৈকে একেলগে পাৰ্ক-ৰেস্তোৰাঁই ভাল লগা সময় পাৰ কৰা প্ৰেমিকযুগলৰ ইজনে ল'লে আনজনীৰ প্ৰাণ


 

ত্ৰিকোণ প্ৰেম কাহিনীৰ ভয়ংকৰ পৰিণতি। ব্যৰ্থ প্ৰেমিকে প্ৰাণ ল’লে প্ৰেমিকাৰ। টেঁটু চেপি পিংকিক হত্যা কৰিলে পিনাক শুক্লবৈদ্যই। কাছাৰৰ ধোবাৰবন্ধত পিংকি ৰয়ক হত্যা কৰাৰ পিছত অট্টালিকাৰ বন্ধ কোঠাত মৃতদেহ পেলাই থৈ আহিছিল পিনাকে।

১৫ জুলাইৰ পৰা নিৰুদ্দেশ হৈ থকা পিংকিৰ হত্যকাণ্ডত পিনাকৰ বাহিৰে আন কোনো লোক জড়িত নাই বুলি স্পষ্ট কৰিলে কাছাৰৰ আৰক্ষী অধীক্ষকে। ত্ৰিকোণ প্ৰেম কাহিনীত উপেক্ষিত হোৱাৰ বাবেই পিনাক শুক্লবৈদ্যই পিংকিক হত্যা কৰা বুলিও নিশ্চিত কৰিলে আৰক্ষীয়ে।

কৰ্মসূত্ৰে পিনাক বাংগালুৰুত থাকোঁতেই আন এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল প্ৰেমিকা পিংকিৰ। বাংগালুৰুতে পিংকিৰ প্ৰাণ লোৱাৰ পৰিকল্পনা কৰি ১৪ জুলাইত হাইলাকান্দিৰ লালাৰ ঘৰত উপস্থিত হৈছিল পিনাক শুক্লবৈদ্য।

পিছদিনাই পিংকিয়ে কাম কৰা শিলচৰৰ দোকান পালেহি পিনাক। দূৰৰ পৰা আলেঙে আলেঙে পিংকিক লক্ষ্য কৰি থাকিল পিনাকে। সুযোগৰ অপেক্ষাত থকা পিনাকে নিশা দোকান বন্ধ কৰি ঘৰলৈ উভতি যোৱাৰ বাটত অপহৰণ কৰিলে পিংকিক। তাৰ পাছত একালৰ প্ৰেমিকা পিংকিক টেটু চেপি হত্যা কৰিলে পিনা শুক্লবৈদ্যই। তথ্য প্ৰমাণ নোহোৱা কৰিবলৈ পিংকিৰ গায়ে মুখে এচিডো ঢালি দিলে পিনাকে। গোটেই ঘটনাটোক দলবদ্ধ ধৰ্ষণৰ ৰূপ দি শিলচৰৰ ধোবাৰবন্ধৰ এটা ঘৰত সুমুৱাই থ’লে পিংকিৰ মৃতদেহ।১৫ জুলাইত নিৰুদ্দেশ হোৱা পিংকি ৰয়ৰ মৃতদেহ উদ্ধাৰ হ’ল ১৮ জুলাইত। তাৰ ৩ দিন পিছতে পোহৰলৈ আহিল ত্ৰিকোণ প্ৰেমৰ পৰিণতিত সংঘটিত হত্যাকাণ্ডৰ চাঞ্চল্যকৰ কাহিনী। অৱশ্যে এতিয়াও শেষ হোৱা নাই কাছাৰ আৰক্ষীৰ তদন্ত। ধৰ্ষণৰ অভিযোগ অস্বীকাৰ কৰিলেও পিংকিৰ অন্তৰ্বাসৰ লগতে সকলো পোছাকৰ ফৰেনচিক পৰীক্ষাৰ বাবে হায়দৰাবাদৰ বিজ্ঞানাগাৰলৈ প্ৰেৰণ কৰিছে কাছাৰ আৰক্ষীয়ে। প্ৰেমৰ এই পৰিণাম শুনি গা শিয়ৰি উঠিছে ৰাজ্যবাসীৰ।

Post a Comment

Previous Post Next Post