ইউক্ৰেইনক লৈ বাজি, পুটিনক যুঁজৰ বাবে প্ৰত্যাহ্বান প্ৰযুক্তিবিদ ইলন মাস্কৰ

 


ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ অব্যাহত থকাৰ মাজতে এইবাৰ মাত মাতিলে কাৰ কোম্পানী টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া (Tesla and SpaceX CEO) তথা বিশিষ্ট প্ৰযুক্তিবিদ ইলন মাস্কে। ইউক্ৰেইনৰ বিৰুদ্ধে হোৱা আক্ৰমণক লৈ ৰাছিয়াক সমালোচনা কৰে মাস্কে। তেওঁ আনকি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক মুখামুখি যুঁজ দিবলৈ প্ৰত্যাহ্বান জনায়। তেওঁ (Elon Musk) আনকি ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীক কাপুৰুষ বুলিও অভিহিত কৰে।


ইলন মাস্কে টুইটত কি কি কৈছিল?
টেছলাৰ স্বত্বাধিকাৰী ইলন মাস্কে কেইবাটাও টুইটযোগে ইউক্ৰেইনৰ ওপৰত হোৱা আক্ৰমণৰ বাবে পুটিনক ( Russian President Vladimir Putin) প্ৰত্যাহ্বান জনায় কয়- "মই ভ্লাডিমিৰ পুটিনক মুখামুখি যুঁজৰ বাবে প্ৰত্যাহ্বান জনাইছোঁ আৰু ইউক্ৰেইনক বাজিত ধৰিছোঁ (Ukraine At Stake)।" তাৰ পিছত তেওঁ আন এটা টুইটত লিখিছিল, "আপুনি এই যুঁজৰ বাবে সাজু নেকি?" এই টুইটৰ লগতে মাস্কে ৰাছিয়াৰ ৰাষ্ট্ৰপতি মহল ক্ৰেমলিনকো টেগ কৰে।

ইলন মাস্কে ষ্টাৰলিংকৰ জৰিয়তে ইউক্ৰেইনক সহায় কৰি আছে
ৰাছিয়াৰ আক্ৰমণৰ মাজতে ইলন মাস্কৰ স্পেচ এক্সে ইউক্ৰেইনত ষ্টাৰলিংকৰ জৰিয়তে ইণ্টাৰনেট সেৱা যোগান ধৰি আছে। স্পেচএক্সৰ প্ৰতিষ্ঠাপক মাস্কে ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত ইউক্ৰেইনত ইয়াৰ বাণিজ্যিক ইণ্টাৰনেট নেটৱৰ্ক ষ্টাৰলিংক সক্ৰিয় কৰিছিল।

1 Comments

  1. How to Play Pai Gow Poker | BetRivers Casino - Wolverione
    Pai Gow Poker is an online version of a traditional table worrione game in which kadangpintar players place bets in the background. Pai Gow worrione Poker septcasino uses only the symbols from a

    ReplyDelete
Previous Post Next Post