হিজাব নিষিদ্ধৰ সপক্ষে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ৰায়, ইছলামত হিজাব পৰিধান কৰাটো বাধ্যতামূলক নহয় বুলি ক’লে ন্যায়ালয়ে

 


হিজাব নিষিদ্ধৰ সপক্ষে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ৰায়। হিজাব বিতৰ্কক লৈ সোমবাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে শুনানি। হিজাব নিষিদ্ধৰ বিৰুদ্ধে দাখিল সকলো আবেদন খাৰিজ কৰে উচ্চ ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ে কয় যে ইছলাম ধৰ্মত হিজাব পিন্ধাটো বাধ্যতামূলক নহয়।


উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ঋতুৰাজ অৱস্থী, ন্যায়াধীশ কৃষ্ণ এছ দীক্ষিত আৰু ন্যায়াধীশ জে এম কাজীৰ পূৰ্ণ বিচাৰপীঠ উডুপীৰ যুৱতীৰ আবেদনৰ শুনানিৰ বাবে গঠন কৰা হৈছিল। এই ছাত্ৰীসকলে উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল যে তেওঁলোকক বিদ্যালয়ত ইউনিফৰ্মৰ লগতে হিজাব পিন্ধাৰ অনুমতি দিয়া হওক। তেওঁলোকে কৈছিল যে এয়া তেওঁলোকৰ ধৰ্মীয় আস্থাৰ অংশ।

আনহাতে, উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে নিৰাপত্তাৰ বাবে ৰাজ্যৰ কেইবাখনো জিলাত ১৪৪ ধাৰা জাৰি কৰা হৈছে। বেংগালুৰুতো জাৰি কৰা হৈছে ১৪৪ ধাৰা। লগতে কৰ্ণাটক হাইক’ৰ্টৰ মুখ্য ন্যায়াধীশ ঋতুৰাজ অৱস্থীৰ আৱাসৰ বাহিৰতো কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা।

Post a Comment

Previous Post Next Post