বিধানসভাত হুলস্থূলীয়া পৰিৱেশ, দুবাৰকৈ স্থগিত সদন, অখিল গগৈক অধ্যক্ষই ক’লৈ – ‘আপুনি সদনত কাজিয়া কৰিবলৈ নাহিব’


বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনাও সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। যাৰ ফলত অধ্যক্ষই দুবাৰকৈ স্থগিত ৰাখিবলগীয়া হয় সদন। সদনত শাসক–বিৰোধীৰ মাজত সৃষ্টি হোৱা তীব্ৰ বাক–বিতণ্ডাৰ বাবে স্থগিত ৰাখিবলগীয়া হয় সদনৰ কাম–কাজ।


অংগনৱাড়ী কেন্দ্ৰক মডেল কেন্দ্ৰলৈ উন্নীত কৰাৰ বাবে গঠন কৰা কমিটীত বাহিৰৰ মানুহ কি ভৰাইচে বুলি প্ৰশ্ন উত্থাপন কৰে বিধায়ক জাকিৰ হুছেইন শিকদাৰে। ইয়াকে লৈ সদনত তীব্ৰ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। ফলত ১০ মিনিটৰ বাবে অধ্যক্ষই সদন স্থগিত ৰখাৰ ঘোষণা কৰে।

‘‘অভিভাৱক মন্ত্ৰীয়ে যি মন যায় তাকে কৰিব নেকি? সমষ্টিৰ বাহিৰৰ মানুহক কিয় কমিটীত ভৰাইছে?’’ – জাকিৰ হুছেইন শিকদাৰৰ এই প্ৰশ্নত সহযোগ কৰে বিৰোধীয়ে।

ইয়াৰ মাজতে ৰকিবুল হুছেইনে সদনত আন এক প্ৰসংগ উত্থাপন কৰে। ৰকিবুল হুছেইনে কয়, ‘‘আজিৰ পৰা মেট্ৰিক পৰীক্ষা আৰম্ভ হৈছে৷ সকলোকে সদনে ধন্যবাদ দিব লাগে৷ মেট্ৰিক পৰীক্ষাৰ সময়ত মাছুল নিদিয়াৰ ফলত গাঁৱৰ টেন্সফৰ্মাৰ কাটি দিয়া হৈছে৷ ইলেকট্ৰিক কাটি দিব নালাগে এই সময়ত৷’’ এই সন্দৰ্ভত বিভাগীয় মন্ত্ৰী বিমল বৰাই বিষয়টো চাম বুলি আশ্বাস দিয়ে।

সদনত অধ্যক্ষৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হয় শিৱসাগৰৰ বিধায়ক অখিল গগৈ। অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয়, ‘‘আপুনি কাজিয়া কৰি ভাল পায়৷ আপুনি সদনত কাজিয়া কৰিবলৈ নাহিব৷ আপুনি গৰম হ'লে ময়ো গৰম হ’ম৷’’

অখিল ককৈয়ে প্ৰত্যুত্তৰ দি কয়, আপুনি কাজিয়া শব্দটো কিয় ব্যৱহাৰ কৰিছে? অসাংবিধানিক শব্দ কিয় ব্যৱহাৰ কৰিছে? ইয়াৰ পিছতে অধ্যক্ষই দ্বিতীয়বাৰৰ বাবে ১০ মিনিটলৈ স্থগিত ৰাখে সদন।

Post a Comment

Previous Post Next Post