গুৱাহাটীৰ গাড়ীগাঁৱৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক অনুৰূপ ঘটনা। এইবাৰ তিনি পাষণ্ডই মিলি দলবদ্ধভাৱে বলাৎকাৰ কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰীক। এই ঘটনা চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত বিজনীৰ।পৰিয়ালৰ এজাহাৰৰ ভিত্তিত পাণবাৰী থানাৰ আৰক্ষীয়ে ছাইফুল ইছলাম (২৩) নামৰ এটা ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও আন দুটা ধৰ্ষণকাৰী জিয়াদুৰ ৰহমান (২১) আৰু মফিজ আলী(২০) পলাতক অৱস্থাত আছে। তিনিওৰে ঘৰ পাণবাৰী থানাৰ অন্তৰ্গত ২নং গৰাইমাৰীত। আৰক্ষীয়ে তিনি পাষণ্ডক বিচাৰি অভিযান চলাই আছে যদিও কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। ইয়াৰে ধৃত ছাইফুল ইছলামক জে’ল হাজোতলৈ প্ৰেৰণ কৰা হয়।
উল্লেখযোগ্য সন্ধিয়া তিনি পাষণ্ডই ছাত্ৰীগৰাকীক অপহৰণ কৰি নি বৰপেটা জিলাৰ বগৰীগুৰীৰ এখন পথাৰত দলবদ্ধভাৱে ধৰ্ষণ কৰি পেলাই থৈ যায় বুলি জানিব পৰা গৈছে। পিছত ছাত্ৰীগৰাকীয়ে নিশা দুই মান বজাত স্থানীয় মানুহ এঘৰত সহায় বিচাৰি সোমোৱাত ধৰ্ষণ কাণ্ডৰ কথা পোহৰলৈ আহে। আজি অনুষ্ঠিত হোৱা লগা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰীক ধৰ্ষণ কৰা কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। ধৰ্ষণকাৰীকেইটাক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে দল–সংগঠনৰ লগতে পৰিয়ালৰ লোকে।