৯০ ডিগ্ৰী এংগলত মূৰ! কিয় এনে হ’ল পাকিস্তানৰ আফছিনৰ? কি ৰোগ এয়া, জানিলে আচৰিত হ’ব

 


আঠ মাহ বয়সৰ পৰাই মূৰটো বেঁকা আছিল তাইৰ। সাধাৰণ মানুহৰ দৰে নহয়, ৯০ ডিগ্ৰী এংগলত আছিল আফছিনৰ মূৰটো। এইদৰেই পাৰ হৈছিল দিনবোৰ। স্বাভাৱিক হৈ পৰিছিল যন্ত্ৰণা। কোনোদিনে স্কুললৈ যাব পৰা নাছিল আফছিন গুল। কি ঘটিছিল যাৰ বাবে এনে ঘটনা সংঘটিত হ’ল।


আফছিন আৰু তেওঁৰ পৰিয়ালৰ ফালৰ পৰা কোৱা হৈছে, আজিৰ পৰা ১৩ বছৰ পূৰ্বে এদিন স্বাভাৱিকভাৱেই শিশুসকলৰ সৈতে খেলি আছিল আফছিনে। তেতিয়াই হঠাৎ পৰি যায় আফছিন। তাৰ পিছৰে পৰা ভয়ংকৰ যন্ত্ৰণাত ভুগিছে তাই। চেৰিব্ৰেল পলছিত আক্ৰান্ত হয় আফছিন। তাৰ পিছৰে পৰা এক যন্ত্ৰণাগধূৰ জীৱন।

কিন্তু আশাৰ ৰেঙণি দেখা গ’ল, যেতিয়া এই ৰোগৰ চিকিৎসাৰ কথা ক’লে খোদ ভাৰতীয় চিকিৎসকসকলে। দিল্লীৰ বেচৰকাৰী হাস্পতালত এই ৰোগৰ চিকিৎসাৰ ব্যৱস্থা কৰা হ’ল। ইয়াৰ বাবে প্ৰয়োজন আছিল ২৬ হাজাৰ ইউৰো। সেই বিপুল অৰ্থ সংগ্ৰহ কৰি অপাৰেচন কৰা হ’ল দিল্লীৰ বেচৰকাৰী হাস্পতালত। গো ফাণ্ড মি নামৰ এক ক্ৰাউড ফাণ্ডিং সংস্থাৰ সহায়ত টকা সংগ্ৰহ কৰি আফছিনৰ চিকিৎসা কৰা হ’ল।

প্ৰথমে চিকিৎসকে কৈছিল, এই অস্ত্ৰোপচাৰ খুবেই বিপজ্জনক। ইয়াৰ ফলত মৃত্যুপৰ্যন্ত হ’ব পাৰে, জীৱন ৰক্ষাৰ আশা ৫০ শতাংশ। তাৰ পিছতো চিকিৎসা কৰিবলৈ আগবাঢ়ে পৰিয়াল। ভাৰতৰ চিকিৎসক ৰাজাগোপালন কৃষ্ণনে জনাইছে, ‘‘আফছিনৰ ককাকে এখন তথ্যচিত্ৰত দেখিছিল, আমি এনে এক পৰিস্থিতিত পৰা এটা শিশুৰ অস্ত্ৰোপচাৰ কৰিছিলো সফলভাৱে। সেয়া দেকি আমাৰ ওচৰলৈ আহিছিল তেওঁ। আমাৰ ধাৰণা হৈছিল, এই যন্ত্ৰণাৰ পৰা মুক্তি পোৱা সম্ভৱ, কিন্তু সোনকালে কৰিব লাগিব, পলম কৰিলে নিৰাময়ৰ সম্ভাৱনা কম। তাৰ পিছতে অস্ত্ৰোপচাৰৰ সিদ্ধান্ত লোৱা হয়।’’

Post a Comment

Previous Post Next Post