নগাঁৱত আনন্দ মিশ্ৰ! IPS বিষয়াগৰাকীক কাষত পাই আনন্দিত নগাঁও আৰক্ষীৰ দল

 


৩৩ দিনৰ পিছত নগাঁৱত ভৰি থলে আই পিএছ আনন্দ মিশ্ৰই৷ ৯ ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰে নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অৱস্হাত আনন্দ মিশ্ৰক বদলি কৰিছিল৷ মুখ্য মন্ত্ৰীৰ নিৰ্দেশত আই পি এছ আনন্দ মিশ্ৰক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰা হৈছিল৷ মুখ্য কাৰ্যালয়লৈ বদলি কৰাৰ পিছত অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাক নগাঁৱৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব ন্যস্ত কৰা হৈছিল৷ নগাঁৱৰ পৰা আই পি এছ আনন্দ মিশ্ৰক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ হঠাৎ বদলি কৰা হৈছিল।


ইয়াৰ মাজতে সোমবাৰে নিশা আই পিএছ আনন্দ মিশ্ৰ নগাঁৱৰ ৰহাত উপস্হিত হোৱাত লৰা–ধপৰা লাগে নগাঁৱৰ আৰক্ষীৰ মাজত৷ উজনিৰ পৰা অহা আই পি এছ আনন্দ মিশ্ৰক ৰহাত সাক্ষাৎ কৰে নগাঁও আৰক্ষীৰ দলে৷ নগাঁও আৰক্ষীৰ বিষয়া–জোৱানৰে সৌজন্যমূলক কথা বতৰা পাতি আনন্দ মিশ্ৰ গুৱাহাটীলৈ ৰাওনা হয়৷ ইফালে আই পি এছ আনন্দ মিশ্ৰক নগাঁৱৰ পৰা বদলি কৰাৰ ৩৩ দিনৰ পিছটো ৰাজ্য চৰকাৰে নগাঁৱত এজন আৰক্ষী অধীক্ষক নিযুক্তি নিদিয়াটো তাৎপৰ্যপূৰ্ণ৷

Post a Comment

Previous Post Next Post