কিদৰে ৩০ ছেকেণ্ডত চুৰি কৰে ৰয়েল এনফিল্ড, চোৰে দেখুৱালে সকলো, ভাইৰেল ভিডিঅ’


সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এজন চোৰৰ এটা ভিডিঅ। কিদৰে এখন ৰয়েল এনফিল্ড চোৰ কৰে তাকো কেৱল মাত্ৰ ৩০ ছেকেণ্ডৰে, সকলো সবিস্তাৰে বাখ্য কৰিছে চোৰে।

সেই দৃশ্যৰে ভিডিঅ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। আৰক্ষী আৰু বহু লোকৰ উপস্থিতিত এজন চোৰে দেখুৱালে কাৰিকৰী কৌশল লগতে নিজৰ পাৰদৰ্শিতা। বাইকৰ মাৰ্কেটত জনপ্ৰিয় ৰয়েল এনফিল্ড চোৰ কিদৰে কৰে তাকেই দেখুৱালে ভিডিঅত।

লক হৈ থকা অৱস্থাতো এখন ৰয়েল এনফিল্ড মাত্ৰ ৬০ ছেকেণ্ডৰে চোৰ কৰিব পৰা কৌশল চোৰৰ। ২০০৯ চনত দেশৰ বজাৰত মুকলি হোৱা ৰয়েল এনফিল্ড ৩৫০ ক্লাচিক অতি কম সময়ৰ ভিতৰতে জনপ্ৰিয় হৈ উঠে।

তাৰ পাছৰে পৰা চোৰৰো লক্ষ্য হৈ পৰে এই বাইকখন। বহু বাইক তোৰ হৈ যায়, বহু চোৰো আৰক্ষীৰ জালত ধৰা পৰে। এবাৰ ধৰা পৰা চোৰে দেখুৱালে কৌশলো।

https://twitter.com/WeekendInvestng/status/1503279312208031753?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1503279312208031753%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fas.time8.in%2Fthief-shows-how-he-steals-royal-enfield-motorcycles-in-less-than-30-seconds-viral-video%2F

Post a Comment

Previous Post Next Post