যুদ্ধজৰ্জৰ ইউক্ৰেইনৰ ৰাজধানী কিয়েভলৈ ৰাওনা তিনিখন ৰাষ্ট্ৰৰ নেতা

 


ৰাছিয়া-ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধই আজি ভৰি দিছে ২০ দিনত। সোমবাৰে ৰুছ সমৰ্থিত বিদ্ৰোহীৰ দখলত থকা ডোনেস্ক চহৰত বেলেষ্টিক মিছাইল আক্ৰমণত ২০ গৰাকী সাধাৰণ লোকৰ মৃত্যু হোৱাৰ লগতে আম ৩৬ গৰাকী লোক আহত হৈছে।

ইয়াৰ মাজতে সোমবাৰে ৰাছিয়া-ইউক্ৰেইনৰ মাজত অনুষ্ঠিত হোৱা শান্তি বাৰ্তা পুনৰ এবাৰ বিফল হয়।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে আমেৰিকা সংসদক সম্বোধন কৰিব। সংসদৰ অধ্যক্ষ নেন্সি পেলোছীয়ে চিনেটত এই ঘোষণা কৰে।

ইয়াৰ মাজতে নাটোৰ তিনি সদস্য দেশৰ নেতাই যুদ্ধজৰ্জৰ ইউক্ৰেইনৰ ৰাজধানী ভ্ৰমণৰ পৰিকল্পনা কৰিছে।

ৰাছিয়াৰ সেনাই কিয়েভ দখলৰ দিশে আগবাঢ়ি থকা সময়তে পোলেণ্ড, চেক গণৰাজ্য আৰু শ্লোভাকিয়াৰ নেতাই মঙলবাৰে কিয়েভলৈ ৰাওনা হ’ব।

উল্লেখ্য যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধই আজি ২০ দিনত ভৰি দিছে। যুদ্ধৰ বাবে দুয়োখন দেশৰ পৰিস্থিতিৰ অধিক অৱনতি ঘটা পৰিলক্ষিত হৈছে।

বিগত ২০ দিন ধৰি ৰাছিয়াৰ বৃহত সংখ্যক সেনাই ইউক্ৰেইন দখলৰ বাবে ৰাজধানী কিয়েভকে ধৰি কেইবাখন আগশাৰী চহৰত ধাৰাবাহিকভাৱে আক্ৰমণ চলাই আছে। 

Post a Comment

Previous Post Next Post