ভয়ংকৰ পথ দুৰ্ঘটনা! যাত্ৰীবাহী বাছে মহতিয়াই নিলে স্কুটী আৰোহীক, থিতাতে মৃত্যু পুৰুষ-মহিলাৰ। শোণিতপুৰ জিলাৰ বিহালীত এই ভয়ংকৰৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে ।
দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত দুই স্কুটী আৰোহী। বিহালীৰ জিনজিয়া থানাৰ অন্তৰ্গত বাঘমাৰীত এই ভয়ংকৰ পথ দূৰ্ঘটনাটো সংঘটিত হৈছে।
লক্ষীমপুৰ অভিমুখে যোৱা বাসুদেৱ নামৰ যাত্ৰীবাহী বাছ (AS 07 BC 0147) খনে মহতিয়াই নিলে স্কুটী ( AS12Z 3198)খনৰ আৰোহী দ্বয়ক।
সংঘৰ্ষৰ ফলত থিতাতে নিহত হোৱা স্কুটীৰ আৰোহী দুগৰাকীৰ এগৰাকী মহিলা আৰু আনজন পুৰুষ।
কিন্তু নিহত লোকদ্বয়ৰ পৰিচয় সন্দৰ্ভত বৰ্তমানলৈকে কোনো তথ্য লাভ কৰা নাই আৰক্ষীয়ে। পৰিচয় উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
Tags:
Assam