পৰীক্ষাৰ প্ৰথম দিনটোতেই এই ঘটনা, পৰীক্ষাৰ্থীৰ সলনি পৰীক্ষা দিলে অন্যই


পৰীক্ষাৰ প্ৰথম দিনটোতেই এই ঘটনা, পৰীক্ষাৰ্থীৰ সলনি পৰীক্ষা দিলে অন্যই। ৰাজ্যত মেৰ্ট্ৰিক পৰীক্ষাৰ প্ৰথম দিনটোতেই এই ঘটনা।

বৰপেটা জিলাৰ কালগাছিয়াৰ বালিকুৰিত এই ঘটনা সংঘটিত হৈছে। পৰীক্ষাৰ্থীৰ সলনি অন্যই পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিবলৈ আহি কৰায়ত্ব হৈছে আৰক্ষীৰ হাতত।

মানিক পুৰৰ আমিনুল ইছলাম নামৰ ছাত্ৰজনে তেওঁৰ বন্ধু তথা বালাৰপাথাৰ বালিকা উচ্চ মাধ্যমিক আদৰ্শ বিদ্যাপিঠৰ ছাত্ৰ কৃষ্ণ দে নামৰ পৰীক্ষাৰ্থী গৰাকীৰ সলনি পৰীক্ষা দি থকা অৱস্থাতে ধৰা পৰে আমিনুল ইছলাম।

বালিকুৰি পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াই বালিকুৰি আৰক্ষী চকীৰ আৰক্ষীক খবৰ দি অন্যৰ হৈ পৰীক্ষা দিবলৈ আহি ধৰা পৰা ছাত্ৰ জনক গতাই দিয়ে।

বালাৰপাথাৰ বালিকা উচ্চ মাধ্যমিক আদৰ্শ বিদ্যাপিঠৰ অধ্যক্ষ আব্দুল কৰিমে ধনৰ বিনিময়ত ছাত্ৰ কৃষ্ণ দেৰ বদলি পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰি দিছিল বুলি ধৃত বদলি পৰীক্ষাৰ্থী গৰাকীয়ে বিস্ফোৰক মন্তব্য আগবঢ়ায়।

এতিয়া আৰক্ষীৰ তদন্ততহে জানিব পৰা যাব ঘটনাৰ সত্যতাৰ বিষয়ে।

Post a Comment

Previous Post Next Post