৯ বছৰ পাছত পুনৰ চৰ্চালৈ আহিছে এখন বিশেষ ফটো, পুটিন আৰু এগৰাকী অৰ্ধনগ্ন যুৱতী…


৯ বছৰ পূৰ্বৰ এখন ফটো, যি ফটো ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজত পুনৰ চৰ্চালৈ আহিছে। পুটিনৰ সমুখত প্ৰতিবাদ কৰা এখন ফটো চৰ্চালৈ আহিছে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সমুখত অৰ্ধনগ্ন অৱস্থাৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল এগৰাকী যুৱতীয়ে। যি ফটোত দেখা অনুসৰি পুটিনৰ কাষত সেই সময়ত উপস্থিত আছিল এঞ্জেলা মাৰ্কেলো।

২০১৩ চনৰ এই ঘটনা। সেই সময়ত জাৰ্মানৰ চেঞ্চেলৰ আছিল এঞ্জেলা মাৰ্কেল। শৰীৰৰ উৰ্ধাংশ উন্মুক্ত অৱস্থাৰে পুটিনৰ সমুখত প্ৰতিবাদ কৰি চিঞৰিছিল যুৱতীগৰাকীয়ে।


জাৰ্মানীৰ এক ইণ্ডাষ্ট্ৰীয়েল মেলাত অংশ লৈছিল পুটিনে, বিশেষ অতিথি হিচাপে অংশ লৈছিল পুটিনে। ২০১৩ চনৰ ৮ এপ্ৰিলৰ ঘটনা এয়া।

ফিমেন ( Femen) নামৰ এক ইউক্ৰেইনৰ সংগঠন যিয়ে নাৰীৰ অধিকাৰ আৰু সুৰক্ষাৰ হকে বিশ্বৰ বিভিন্ন প্ৰান্তত কাম কৰি আহিছে। সেই সংগঠনৰেই এগৰাকী মহিলা সদস্যই পুটিনৰ সমুখত প্ৰতিবাদ কৰিছিল।

ঘটনাৰ সময়ত বহু সাংবাদিকো উপস্থিত আছিল ঘটনাস্থলীত। যিয়ে লগে লগে সেই ঘটনাৰ ফটো তুলি ৰাখিছিল। ২০১৩ চনৰ ঘটনাই সেই সময়ত বিশেষ চৰ্চা লাভ কৰিছিল, পুনৰ সেই ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে। ঘটনাৰ ফটো ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

Post a Comment

Previous Post Next Post