আজি পুনৰ আলোচনাত মিলিত হ’ব ইউক্রেইন-ৰাছিয়াৰ প্রতিনিধি। দুয়ো দেশৰ মাজত শান্তি ঘুৰাই অনাৰ বাবে পুনৰ আলোচনাৰ সিদ্ধান্ত।
এইবাৰৰ এই আলোচনাত মধ্যস্থতাকাৰী হিচাপে ইজৰাইলৰ প্রধানমন্ত্রী নাফতালি বেনেট থাকিব বুলি জানিব পৰা গৈছে।
ইয়াৰ পূৰ্বেও আলোচনাত মিলিত হৈছিল দুয়ো দেশৰ প্ৰতিনিথি। এতিয়া বিশ্ববাসীৰেই দৃষ্টি নিবদ্ধ হৈ আছে এই আলোচনাৰ ওপৰত।
আনহাতে টেছলা আৰু স্পেচএক্সৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক একক যুঁজৰ বাবে প্ৰত্যাহ্বান জনাইছে।
টুইটাৰৰ জৰিয়তে মাস্কে পুটিনক যুঁজৰ প্ৰত্যাহ্বান জনাই লিখিছে, “মই ইয়াৰ দ্বাৰা ভ্লাদিমিৰ পুটিনক একক যুঁজৰ বাবে প্ৰত্যাহ্বান জনাইছো।”
Tags:
International