গুৱাহাটী মহানগৰীৰ ব্যৱসায়ী হত্যাকাণ্ডৰ সৈতে জড়িত মুখ্য অভিযুক্তক গ্ৰেপ্তাৰ

 


অসম আৰক্ষীৰ বৃহৎ সফলতা। বিহাৰত লাভ কৰে এই সফলতা। গুৱাহাটী মহানগৰীৰ ব্যৱসায়ী হত্যাকাণ্ডৰ সৈতে জড়িত মুখ্য অভিযুক্তক গ্ৰেপ্তাৰ।

অৱশেষত অসম আৰক্ষীৰ জালত পৰিল অৱদেশ যাদৱৰ অন্যতম হত্যাকাৰী। ২১ ফেব্ৰুৱাৰী তাৰিখে নিশাৰ ভাগত গুৱাহাটীৰ ছাত্ৰীবাৰীত এই হত্যাকাণ্ড সংঘটিত হৈছে।

অৱশেষত সেই হত্যাকাণ্ডৰ এটা অপৰাধী গ্ৰেপ্তাৰ। বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰা ধৃত হত্যাকাৰীজনৰ নাম পংকজ কুমাৰ। 

পংকজ কুমাৰে গুৱাহাটীত আহি গুলীয়াইছিল ব্যৱসায়ী অৱদেশ যাদৱক।  ঘৰৰ সমুখতে নিশা গুলিয়াই থৈ গৈছিল লোকগৰাকীক।

২১ ফেব্ৰুৱাৰীৰ নিশাই ততাতৈয়াকৈ মাৰোৱাৰী মেটেৰনিতী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। কিন্তু চিকিৎসাধীন অৱস্থাতে প্ৰাণ হেৰুৱাইছিল অৱদেশ যাদৱে।

ডব্লিউৰ প্লেনিঙত পংকজে গুৱাহাটীত আহি গুলীয়াই থৈ গৈছিল অৱদেশক। কিন্তু বৰ্তমানেও আৰক্ষীৰ জালত পৰা নাই ডব্লিউ যাদৱ। ডব্লিউ যাদৱ নেপালত আত্মগোপন কৰি থকাৰ সন্দেহ আৰক্ষীৰ।

Post a Comment

Previous Post Next Post