যোৱা সপ্তাহত গুৱাহাটী মহানগৰীৰ গাড়ীগাঁৱত সংঘটিত হোৱা দলবদ্ধ ধৰ্ষণ কাণ্ডৰ এজন অভিযুক্ত আৰক্ষীৰ গুলীত নিহত হোৱাৰ খবৰ আহিছে।
নিহত হোৱা অভিযুক্তজন বিকি আলী বুলি চিনাক্ত কৰা হৈছে।
উল্লেখ্য যে ধৰ্ষণ কাণ্ডটো সংঘটিত হোৱাৰ প্ৰায় এসপ্তাহ পিছত মঙলবাৰে কামৰূপৰ দামপুৰৰ পাহাৰৰ পৰা বিকি আলীক গ্ৰেপ্তাৰ কৰিছিল।
গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ আনি থাকোতেই বিকি আলীয়ে পলায়ন কৰিবলৈ চেষ্টা কৰাত আৰক্ষীৰ গুলীত নিহত হয় বিকি আলী।
এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এই পৰ্যন্ত একো মন্তব্য কৰা নাই যদিও মাজনিশাই বিকি আলীক জি এম চি এইচ্চলৈ লৈ অনা হয়।
উল্লেখ্য যে, বিগত সপ্তাহত সংঘটিত হোৱা এই দলবদ্ধ ধৰ্ষণ কাণ্ডই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। পাঁচজন পাষণ্ডই মিলি এখন হোটেললৈ লৈ গৈ দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীক ধৰ্ষণ কৰি সেই সমগ্ৰ ঘটনা কেমেৰাত বন্দী কৰিছিল।
এই ঘটনাৰ পিছতে ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে পাণবজাৰ মহিলা থানাত 19/22 US 376(D) IPC , RW SEC. 6 POSCO ACT, RW 67 (B) IT ACT-ৰ অধীনত পাষণ্ড কেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।
ধৰ্ষণকাণ্ড সংঘটিত কৰা পাষণ্ড কেইজনক চিনাক্ত কৰি আৰক্ষীয়ে নামবোৰ প্ৰকাশ কৰিছিল। বিকি আলীৰ উপৰি ধৰ্ষণত জড়িত থকা বাকী কেইজন পাষণ্ড হ’ল ফইজুল আলী, পিংকু আলী, পোনা আলী আৰু ৰাজা আলী।
বৰ্তমান পলাতক অৱস্থাত থকা বাকী চাৰিজন ধৰ্ষণকাৰীক বিচাৰি আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।