জাপানত বুধবাৰে অহা ৭.৪ প্ৰাবল্যৰ এটা বৃহৎ ভূমিকম্পৰ ফলত এতিয়ালৈ চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে ৯০ গৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
বুধবাৰে সন্ধিয়া উত্তৰ জাপানত সংঘটিত হোৱা এই বৃহৎ প্ৰাবল্যৰ ভূমিকম্পটোৰ ফলত জাপানাৰ বহু বাসগৃহত ফাঁট মেলাৰ উপৰিও ৰাস্তা-ঘাটো বহি যোৱা দেখা যায়।
ভূমিকম্পটোৰ পাছতে জাপানৰ হাজাৰ হাজাৰ বাসগৃহত বিদ্যুৎ সংযোগো ব্যাহত হৈ পৰে।
বুধবাৰে এই বৃহৎ প্ৰাবল্যৰ ভূমিকম্পটোৰ পাছতে ছুনামিৰ আশংকা ব্যক্ত কৰি জাপান চৰকাৰৰ তৰফৰ পৰা সতৰ্কতাবাণী জাৰি কৰা হয়।
উল্লেখযোগ্য যে, ১১ বছৰ পূৰ্বে জাপানৰ একেটা স্থানত অহা বৃহৎ ভূমিকম্পই ফুকুছিমাত থকা পাৰমাণবিক শক্তি কেন্দ্ৰত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছিল।