যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশলৈ উপহাৰ অসমৰ, আগবঢ়ালে দুটা গঁড়

 


বিশ্ববিখ্যাত অসমৰ এটা খৰ্গযুক্ত দুটা গঁড়ৰ প্ৰৱেশ ঘটিছে উত্তৰ প্ৰদেশৰ চাহিদ আছফা কুল্লাহ খান চিৰিয়াখানত। বুধবাৰে চিৰিয়াখানাখনৰ কৰ্তৃপক্ষই এই কথা জনায়।

চিৰিয়াখানাখনৰ দৰ্শনাৰ্থীসকললৈ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ এয়া হোলীৰ উপহাৰ বুলিও উল্লেখ কৰে কৰ্তৃপক্ষই।

অসমৰ পৰা লৈ যোৱা গঁড় দুটাক হৰ আৰু গৌৰী বুলি নামকৰণ কৰা হৈছে।

উল্লেখ্য যে অহা ২৭ মাৰ্চত গোৰখপুৰ চিৰিয়াখানাই প্ৰথম বাৰ্ষিকী উদযাপন কৰিব।

জানিব পৰা মতে, দুয়োটা গঁড়কে বেলেগ ট্ৰাকত লৈ যোৱা হৈছে। তেওঁলোকৰ তত্ত্বাৱধায়কসকলেও তেওঁলোকৰ সৈতে গুৱাহাটীৰ পৰা আহিছিল।  

চিৰিয়াখানাখনৰ সঞ্চালক এইচ্চ ৰাজা মোহনে কয় যে কোৱাৰেণ্টাইনৰ সময় শেষ হোৱাৰ পিছত দৰ্শনাৰ্থীসকলে গঁড় দুটা চাব পাৰিব আৰু এই অনুষ্ঠানত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো উপস্থিত থকাৰ সম্ভাৱনা আছে।

গঁড় দুটা আনিবলৈ যোৱা শুকুৰবাৰে অসমলৈ আহিছিল গোৰখপুৰ চিৰিয়াখানাৰ সাতগৰাকী সদস্য আৰু বণ্যপ্ৰাণী বিশেষজ্ঞ যোগেশ সিং।

Post a Comment

Previous Post Next Post