ভয়ংকৰ ভূমিকম্পত কঁপি উঠিল জাপান। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৪। এই ভূমিকম্পৰ পিছতে ৰাজধানী টকিঅ’সহ দেশখনৰ পূব অংশ অন্ধকাৰত ডুব যায়। প্ৰথমটো ভূমিকম্পৰ কিছু সময় পিছত পুনৰ অনুভূত হয় জোকাৰণি। ৰিখটাৰ স্কেলত পিছৰটো ভূঁইকঁপৰ প্ৰাবল্য আছিল ৬.১। ভূমিকম্পত জাপানত নিহত হৈছে দুজন লোক। আনহাতে, আহত হৈছে প্ৰায় ৯০জন। ভূমিকম্পৰ পিছতে জাৰি কৰা হৈছে ছুনামিৰ সতৰ্কতা। অৱশ্যে এতিয়া সেয়া উঠাই লোৱা হৈছে।
ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ফুকুছিমা উপকূলৰ সমীপত ভূগৰ্ভৰ ৬০ কিলোমিটাৰ গভীৰতাত। এই কম্পনৰ ফলত নিশা এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। ভূতত্ববিদসকলৰ মতে, ইমান তীব্ৰ প্ৰাবল্যৰ ভূমিকম্প হ’লে আফটাৰ শ্ব’ক হৈ থাকে। সমগ্ৰ সপ্তাহটোত সেই ভয় আছে। সেয়ে সাৱধানে থাকিব লাগিব দেশখনৰ পূৰ্বৰ বাসিন্দাসকল।
Tags:
International