যোগী আদিত্যনাথৰ শপতগ্ৰহণ অনুষ্ঠান, ৪৫ হাজাৰ লোকক নিমন্ত্ৰণ জনোৱাৰ প্ৰস্তুতি

 


উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হৈছে। সংখ্যাগৰিষ্ঠতাৰে পুনৰ বিজেপিয়ে দখল কৰিলে শাসনৰ গাদী। এতিয়া যোগী আদিত্যনাথে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিচাপে। শপতগ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। ইকানা ষ্টেডিয়ামত হ’ব শপতগ্ৰহণ অনুষ্ঠান। যোগী আদিত্যনাথৰ শপত গ্ৰহণ সমাৰোহত ৪৫ হাজাৰ লোকে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।


এই কাৰ্যসূচীৰ বাবে ২০০ ভিভিআইপি অতিথিৰ সূচী তৈয়াৰ কৰা হৈছে। সূত্ৰ অনুসৰি, শপত গ্ৰহণ সমাৰোহত ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ভাদ্ৰা, ছোনিয়া গান্ধী, প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱ, মুলায়ম সিং যাদৱ, বহুজন সমাজ পাৰ্টীৰ মুৰব্বী মায়াৱতীসহ বিৰোধীৰ বহু নেতাক আমন্ত্ৰণ জনোৱা হ’ব। ইয়াৰ লগতে বিজেপিশাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলকো শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ সম্ভাৱনা আছে।
জানিব পৰা মতে, যোগী আদিত্যনাথৰ শপতগ্ৰহণ অনুষ্ঠানত বিৰোধীৰ বহু নেতাক আমন্ত্ৰণ জনোৱাৰ প্ৰস্তুতি চলোৱা হৈছে। ৪৫ হাজাৰ লোকক আমন্ত্ৰণ জনোৱা হ’ব এই শপতগ্ৰহণ অনুষ্ঠানলৈ। হোলীৰ পিছতে দ্বিতীয়বাৰৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে শপত ল’ব যোগী আদিত্যনাথে।

Post a Comment

Previous Post Next Post