ভাৰতীয় ক্ৰিকেট দলৰ নতুন অধিনায়ক ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলে প্ৰথম বাৰৰ বাবে গোলপীয়া বলৰ টেষ্ট খেলি আছে।
ভাৰত-শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হৈছে এই খেলখন। বাংগালুৰুত অনুষ্ঠিত হোৱা এই খেলখন ৰোহিত শৰ্মাৰ অধিনায়ক হিচাপে প্ৰথমখন টেষ্ট খেল।
পাছে এই খেল খনৰ মাজতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এক ফটো। যি ফটোত লিখা আছে ৰোহিত শৰ্মা আমাৰ কেপ্টেইন নহয়, বিৰাট কোহলীক পুনৰ কেপ্টেইন বনাওক।
কিয়নো বাংগালুৰু বিৰাট কোহলীৰ বাবে একপ্ৰকাৰ দ্বিতীয় ঘৰ সদৃশ। বাংগালুৰুৰ লোক সকলে বহু ভাল পায় বিৰাট কোহলীক। সেয়ে পুনৰ কোহলীকে বিচাৰে ভাৰতীয় দলৰ অধিনায়ক হিচাপে।
যাৰ বাবে বাংগালুৰুৰ খেলপথাৰত দুটি শিশু উপস্থিত হয় হাতত এক পোষ্টাৰ লৈ । যি পোষ্টাৰৰ ফটো পাছত শিশু দুটিৰ পিতৃয়ে সামাজিক মাধ্যমত আপলোড কৰে।
সেই ফটো আপলোডৰ পাছতে ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত। বহুতেই বহু ধৰণেৰে গ্ৰহণ কৰে সেই পোষ্ট।
কোনোৱে ৰোহিত শৰ্মাক সমৰ্থন কৰাৰ বিপৰীতে কোনোৱে সেই শিশুদুটিৰ পোষ্ট আৰু বিৰাট কোহলীক সমৰ্থন কৰিছে।