আজীৱন কাৰাবাসৰ শাস্তি মাইনুল হুছেইনক , ২০১৪ চনৰ এক লোমহৰ্ষক ঘটনা। মৰিগাঁও জিলা ও সত্ৰ ন্যায়ধীশ আদালতে এজনক বিহিছে আজীৱন কাৰাদণ্ড ৷
আজি ১৪ মাৰ্চ তাৰিখে এক কঠোৰ সিন্ধান্তৰে মৰিগাঁও চেচন কৰ্ট আদালতে এজন হত্যাকাৰীক প্ৰদান কৰিলে আজীৱন কাৰাদণ্ড ৷
২০১৪ চনতে সংঘটিত কৰিছিল এক হত্যাকাণ্ড। এখন অ’ল্ট বাহন ভাড়াত নি তিনিজন যুৱকে মিলি হত্যা কৰিছিল অভিমণ্যু বিশ্বাস নামৰ এজন যুৱক তথা ভাড়াত নিয়া বাহনখনৰ চালকক ৷
হত্যাকাৰী মাইনুল হুছেইন ওৰফে মাইনুল আলীৰ লগতে অপৰাধ কাণ্ডত জড়িত আছিল ক্ৰমে ছাদ্দাম হুচেইন আৰু বৰ্তমান পলাতক অৱস্থাত থকা চাহজাহান ওৰফে ডিমাপুৰীয়া ৷
উল্লেখ্য যে সুদুৰ ৮ বছৰৰ পাছত সোমবাৰে মৰিগাঁও সত্ৰ ন্যায়ধীশ আদালতে শেষ সিদ্ধান্তত উপনীত হৈ এজন পলাতক অৱস্থাত থকাৰ বাবে ন্যায়ৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত লব নোৱাৰাৰ বিপৰীতে এজনক নাবালক হিচাপে পৰিগণিত কৰি মূখ্য আৰোপী মাইনুল হুছেইনক IPC ধাৰা 302/201/379/307/323 ত আজীৱন কাৰাবাসৰ শাস্তি প্ৰদান কৰে।