ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ বাবে প্ৰায় সমগ্ৰ বিশ্বই ৰাছিয়াক ৫০০ৰো অধিক ক্ষেত্ৰত প্ৰতিবন্ধকতা জাৰি কৰিছে। যাৰ বাবে বেয়াকৈ শলঠেকত পৰিছে ৰাছিয়া।
আনহাতে ৰাছিয়াৰ মুখ্য অৰ্থনৈতিক ব্যৱস্থা নিৰ্ভৰ কৰা খাৰুৱা তেলৰ ওপৰতো নিষেধাজ্ঞা জাৰি কৰাত বিমোৰত পৰিছে ৰাছিয়া। বহু কেইখন দেশক আপিল কৰিয়ো সমাধান পোৱা নাই ইয়াৰ।
বন্ধু দেশ ভাৰতবৰ্ষকো এই ক্ষেত্ৰত খাৰুৱা তেল ক্ৰয় কৰাৰ বাবে আহ্বান জনায়। বাধ্যত পৰি ৰেহাই মূল্যত খাৰুৱা তেল দিবলৈ সাজু ৰাছিয়া। যাৰ পাছতে বহু ৰেহাই মূল্যত খাৰুৱা তেল ক্ৰয় কৰিবলৈ সাজু ভাৰত।
সেয়ে পেট্ৰ’লৰ মূল্য বৃদ্ধি নোপোৱাৰ সম্ভাৱনা। ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজত নিজৰ সুবিধা উলিয়াবলৈ সাজু ভাৰতবৰ্ষ।
যাৰ পৰিণতিত এতিয়া ভাৰতবৰ্ষই টকা-ৰুৱলৰ মাজেৰে খাৰুৱা তেল ক্ৰয় কৰাৰ বাবে পৰিকল্পনা আৰম্ভ কৰিছে। অন্য বহু সামগ্ৰীয়ো ৰেহাই মূল্যত বিক্ৰী কৰিবলৈ সাজু ৰাছিয়া। ইতিমধ্যে সাজু হৈছে প্ৰক্ৰিয়া।
বৰ্তমানে ৰাছিয়াৰ খাৰুৱা তেল কোনো দেশে ক্ৰয় নকৰাত আন্তঃৰাষ্ট্ৰীয় মাৰ্কেটত ৪০ শতাংশলৈ বৃদ্ধি পাইছে মূল্য। তাৰ বিপৰীতে ভাৰতে এতিয়া অতি ৰেহাই মূল্যত খাৰুৱা তেল ক্ৰয় কৰিবৰ বাবে সাজু।
ইয়াৰ পূৰ্বে ৮০ শতাংশ তেল বহিঃ দেশৰ পৰা ক্ৰয় কৰা ভাৰতে ৰাছিয়াৰ পৰা মাত্ৰ ২ৰ পৰা ৩ শতাংশ খাৰুৱা তেল হে ক্ৰয় কৰিছিল।
এইবাৰ মোদীৰ এই কূট কৌশলে দেশত তেলৰ মূল্য বৃদ্ধি হোৱাৰ বিপৰীতে হ্ৰাস হোৱাৰ সম্ভাৱনাই দেখা দিছে।