মূল্য বৃদ্ধি পাব মেগীৰ। হিন্দুস্থান ইউনিলিভাৰ (Hindustan Unilever) আৰু নেছলে ইণ্ডিয়া (Nestlé India)ই লৈছে এক বৃহৎ সিদ্ধান্ত। এতিয়াৰে পৰা মেগী, কফি, চাহপাত আৰু গাখীৰ পাউডাৰৰ মূল্য পুনৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত।
কেৱল মেগীৰ ক্ষেত্ৰতেই নহয়, নেছলে ইণ্ডিয়াৰ সামগ্ৰী কফি আৰু চাহপাতৰো মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত। চাহপাত, কফি, মিল্ক পাইডাৰ আৰু নুডলছৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত।
আজি সোমবাৰে ১৪ মাৰ্চ তাৰিখৰ পৰাই এই সামগ্ৰী সমূহৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত। এতিয়াৰে পৰা ব্ৰু কফিৰ মূল্য ৩ৰ পৰা ৭ শতাংশ মূল্য বৃদ্ধি, ব্ৰু গোল্ড কফিৰ মূল্য ৩ৰ পৰা ৪ শতাংশ মূল্য বৃদ্ধি , ইনষ্টেড কফি ৩ৰ পৰা ৬.৬৬ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত।
চাহপাতৰ ক্ষেত্ৰত তাজমহলত ৩.৭ শতাংশৰ পৰা ৫.৮ শতাংশ বৃদ্ধি, ব্ৰুক বণ্ডত ১.৫ ৰ পৰা ১৪ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত।
মেগীৰ ক্ষেত্ৰত ৯ৰ পৰা ১৬ শতাংশ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত। ৭০ গ্ৰামৰ এটা পেকেটৰ মূল্য পূৰ্বে ১২ টকাৰ আছিল, এতিয়াৰে পৰা ১৪ টকা হব সেই মেগীৰ পেকেটৰ।
তেনেদৰে ৫৬০ গ্ৰামৰ মেগীৰ পেকেটৰ মূল্য পূৰ্বে ৯৬ টকা আছিল, এতিয়াৰে পৰা ১০৫ টকা ভৰিব লাগিব সেই পেকেটত।
নেছলেৰ এক লিটাৰৰ মিল্ক পাউডাৰৰ মূল্য পূৰ্বে ৭৫ টকা আছিল, এতিয়াৰে পৰা সেই পেকেটৰ মূল্য ৭৮ টকা হব।