ৰাজ্যত সংঘটিত হৈছে এক জঘন্য ঘটনা। এগৰাকী মেট্ৰীক পৰীক্ষাৰ্থীক তিনি পাষণ্ডৰ দলবদ্ধ ধৰ্ষণ। পথাৰলৈ নি ধৰ্ষণ কৰে ছাত্ৰী গৰাকীক।
চিৰাঙৰ বিজনীৰ পাণবাৰী থানাৰ অন্তৰ্গত এখন গাঁওত সংঘটিত হৈছে এই ঘটনা। গাঁৱৰ পৰা এগৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থী ছাত্ৰীক যোৱা ১০ মাৰ্চৰ নিশা তিনি যুৱকে ধৰ্ষণ কৰে।
২ নং গৰৈমাৰী নিৱাসী ছাইফুল ইছলাম(২৩), জিয়াদুৰ ৰহমান (২১) আৰু মফিজ আলী(২০)নামৰ তিনি পাষণ্ডই অপহৰণ কৰি নি বগৰীগুৰীৰ এখন পথাৰলৈ লৈ যায় ।
তাতেই পাষণ্ড তিনিটাই ছাত্ৰীগৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰি অচেতন অৱস্থাত পথাৰখনতে পেলাই থৈ যায় । মাজ নিশা নিৰ্যাতিতা ছাত্ৰী গৰাকীৰ চেতনা ঘূৰি অহাত ওচৰৰে এঘৰত আশ্ৰয় গ্ৰহণ কৰি পৰিয়ালৰ লোকক খবৰ কৰে।
পৰিয়ালৰ লোকে কন্যাক উদ্ধাৰ কৰি আৰক্ষীৰ কাষ চাপিবলৈ বিচাৰে যদিও একাংশ দালাল প্ৰকৃতিৰ লোকে ঘটনা সন্দৰ্ভত ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকক থানাত এজাহাৰ নিদিবলৈ হেঁচা প্ৰয়োগ কৰে।
আনহাতে ৰহস্যজনকভাৱে পাণবাৰী থানাই প্ৰথমতে এজাহাৰ গ্ৰহণ নকৰি নিৰ্যাতিতাৰ পৰিয়ালৰ লোকক বঙাইগাঁও জিলাৰ মাণিকপুৰ থানালৈ পঠিয়াই দিয়ে ।মাণিকপুৰ থানাইয়ো এজাহাৰ গ্ৰহণ নকৰে।
অৱশেষত চিৰাং জিলা আৰক্ষী অধীক্ষক প্ৰাণজিৎ বৰাৰ হস্তক্ষেপত পাণবাৰী থানাই নিৰ্যাতিতাৰ পৰিয়ালৰ লোকৰ এজাহাৰ গ্ৰহণ কৰে।ভাৰতীয় দণ্ড বিধি আইনৰ 366/376/34 IPC, R/W SECTION 4 পস্কো আইনৰ ধাৰাৰ অধীনত ২২/২০২২ নম্বৰত গোচৰ ৰুজু কৰে।
উক্ত গোচৰৰ ভিত্তিতে পাণবাৰী থানাৰ আৰক্ষীয়ে দেওবাৰে ছাইফুল ইছলামক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও আন দুই পাষণ্ড জিয়াদুৰ আৰু মফিজ পলাতক অৱস্থাত আছে ।