বৃহৎ অঘটন! খেলৰ মাজতে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ সন্দীপক অজ্ঞাতৰ গুলিবৰ্ষণ, মৃত্যু

 


১৪ মাৰ্চ, সোমবাৰে সন্ধিয়াৰ সময়ত এক বৃহৎ অঘটন সংঘটিত হয়। খেলপথাৰতে আন্তঃৰাষ্ট্ৰীয় কাবাদী খেলুৱৈ সন্দীপ নাংগাল আম্বিয়াক আততায়ীৰ গুলিবৰ্ষণ।

কেইবা জাই গুলিৰে থকা সৰকা কৰে খেলুৱৈ গৰাকীৰ শৰীৰ। আজি সন্ধিয়া পাঞ্জাৱৰ জলন্ধৰত সংঘটিত হয় এই চাঞ্চ্যলকৰ ঘটনা।

লগে লগে হাহাকাৰ লাগি যায় চাৰিওফালে। এক কাবাদী টুৰ্নামেণ্ট চলি আছিল সেই সময়ত। লগে লগে দৰ্শকৰ মাজত হাহাকাৰ লাগি যায়। দৌৰা দৌৰি লাগি সকলোৰে মাজত।

সেই সুযোগতে পলায়ন কৰে আততায়ী। কেইবা জাই গুলি লাগে খেলুৱৈ গৰাকীৰ শৰীৰত ।

সেই সময়ত ঘটনাস্থলীত উপস্থিত থকা লোকেই দৌৰা দৌৰি কৈ সন্দীপ নাংগাল আম্বিয়াক এখন চাৰিচকীয়া বাহনেৰে নিকট হাস্পতাললৈ নিয়ে। যদিও অত্যধিক ৰক্ত ক্ষৰণ হোৱাৰ ফলত হাস্পতাল পোৱাৰ পূৰ্বেই প্ৰাণ ত্যাগ কৰে সন্দীপে।

আনহাতে ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলী আৰু হাস্পতালত ভাগে ভাগে উপস্থিত হয় আৰক্ষীৰ দল।

পাছলৈ ঘটনাস্থলীত বহু লোকৰ ভিৰ হয়। ভিৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ দল মোতায়েন কৰে ঘটনাস্থলীত।

ঘটনাৰ প্ৰত্যক্ষদৰ্শী সকলোকো ঘটনা সন্দৰ্ভত সোধা পোছা অব্যাহত ৰাখিছে। হত্যাকাৰী সন্দৰ্ভত তদন্ত তীব্ৰতৰ কৰি তুলিছে পাঞ্জাৱ আৰক্ষীয়ে।

এগৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈক তেনেদৰে হঠাতে কোনো আততায়ীয়ে হত্যা কৰা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে পৰিয়ালৰ লোককো সোধ পোছ কৰিছে ঘটনা সন্দৰ্ভত।

Post a Comment

Previous Post Next Post