ভয়ংকৰ পথ দুৰ্ঘটনা, ট্ৰাকৰ তলত সোমাই পৰিল চালকে সৈতে দুখনকৈ বাহন। এই পথ দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা পৰিল কেইবাগৰাকিকৈ লোকৰ।
নগাঁও জিলাৰ ধিং পূজাবাৰী চাৰি আলীত এক ভয়ংকৰ পথ দুৰ্ঘটনা। মালবাহী চিমেণ্ট ভৰ্তি ট্ৰাকৰ তলত সোমাই পৰিল দুখনকৈ মটৰ চাইকেল ।
ইয়াৰে এজন লোক আঘাতপ্ৰাপ্ত হয় যদিও অন্য লোকৰ কোনোধৰণৰ কোনোধৰণৰ ক্ষয় ক্ষতি হোৱা নাই ।
বাইক আৰু স্কুটী আৰোহীকেইজন ধিঙৰ লালিপথাৰৰ বুলি জানিব পৰা গৈছে।
AS- 02-E-0419 নম্বৰৰ মালবাহী চিমেণ্ট ভৰ্তি ট্ৰাক খন মূল গড়কাপ্তানী পথত উঠিবলৈ লওতেই এই দূৰ্ঘটনাটো সংঘটিত হয়।
ঘটনস্থলীত ধিং আৰক্ষী উপস্থিত হৈ গাড়ীকেইখন জব্দ কৰি ট্ৰাক খনৰ চালকক থানালৈ লৈ যায়।
Tags:
Assam