ভয়ংকৰ ঘটনা, বোম ব্লাষ্ট তামুলপুৰত। ১ নং পাহাৰপুৰত সংঘটিত হৈছে এই ঘটনা।
আনন্ত ৰামচীয়াৰ নামৰ এজন লোকৰ ঘৰত এই বিষ্ফোৰণ সংঘটিত হয়। কথমপি এই বোম ব্লাষ্টৰ পৰা অনন্ত ৰামচিয়াৰীৰ পাঁচজনীয়া পৰিয়ালটোৰ প্ৰাণ ৰক্ষা পৰে৷
তামুলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ এক নং পাহাৰপুৰত আজি ১৪ মাৰ্চ তাৰিখে ভাৰতীয় সেনাৰ ২২২ ৰেজিমেণ্টৰ আৰ্টিলাৰী গোটৰ তত্বাৱধানত পাঞ্জাৱ ৰেজিমেন্টৰ সেনাৰ অস্ত্ৰ শস্ত্ৰৰ প্ৰশিক্ষণ হৈ আছিল।
সেই প্ৰশিক্ষণৰ সময়তে এটা বোম দিকভ্ৰষ্ট হৈ গাঁও খনৰ অনন্ত ৰামচিয়াৰীৰ ঘৰত পৰে। এটি ১০৫ এম এম স্মক বোমা ( 105 mm smoke bomb ) ঘৰৰ মুধচত পৰে আৰু বেৰ ফুটি বাৰাণ্ডাত গাঁত কৰি দিয়ে ৷
উল্লেখযোগ্য যে একেটা অঞ্চলৰে পৰমেশ্বৰ হাজদাৰ ঘৰত যোৱা ৩ ফেব্ৰুৱাৰীৰ দিনা সেনাৰ প্ৰশিক্ষণৰ সময়ত দিকভ্ৰষ্ট হৈ বোমা আহি পকীঘৰ এটি ধ্বংস হৈছিল ৷