পকেটমাৰৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল জনপ্ৰিয় অভিনেত্ৰী, গ্ৰন্থমেলাত গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে

 


কলকাতা গ্ৰন্থেমলা (Kolkata Book Fair 2022) চৌহদৰ পৰা গ্ৰেপ্তাৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীক। অভিনেত্ৰীগৰাকীৰ নাম ৰূপা দত্ত। বিধান নগৰ উত্তৰ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিনেত্ৰীগৰাকীক। আন্তৰ্জাতিক কলকাতা গ্ৰন্থমেলাৰ পৰা শনিবাৰে সন্ধিয়া গ্ৰেপ্তাৰ কৰে অভিনেত্ৰীগৰাকীক।


আৰক্ষীৰ সূত্ৰ অনুসৰি, শনিবাৰ গ্ৰন্থমেলাত এজন আৰক্ষী বিষয়াই প্ৰত্যক্ষ কৰিছিল যে এগৰাকী মহিলাই এটা বেগ ডাষ্টবিনত পেলাই দিছে। সেই সময়তে আৰক্ষীয়ে বিষয়াগৰাকীয়ে তেওঁ কিয় বেগটো পেলাই দিছে সেই কথা জানিব বিচৰাত কোনো সদুত্তৰ দিব নোৱাৰিলে মহিলাগৰাকীয়ে। লগে লগে আৰক্ষীৰ সন্দেহ হয় মহিলাগৰাকীৰ ওপৰত।

ইয়াৰ পিছত মহিলা আৰক্ষীৰ দ্বাৰা বেগটোৰ তালাচী লোৱা হয়। সেই বেগটোৰ ভিতৰত আছিল বহু মানিবেগ। আছিল টকাও। তাৰ পিছতে আৰক্ষীয়ে মহিলাগৰাকীক থানালৈ আনি সোধা–পোছা কৰে। কিন্তু ইমানবোৰ মানিবেগ তেওঁৰ ওচৰতলৈ আহিল কেনেকৈ তাৰ কোনো উত্তৰ দিব নোৱাৰিলে মহিলাগৰাকীয়ে। অৱশেষত আৰক্ষীৰ জেৰাত মহিলাগৰাকীয়ে স্বীকাৰ কৰে যে বিভিন্ন মেলা, ডাঙৰ অনুষ্ঠান, জনবহুল স্থানত ঘূৰি জেপ লুৰুকাৰ কাম কৰি মহিলাগৰাকীয়ে। বেগটোৰ পৰা ৭৫ হাজাৰ টকাও উদ্ধাৰ হয়।

কিন্তু আৰক্ষী আটাইতকৈ আচৰিত হ’ল যেতিয়া জানিব পাৰিলে যে মহিলাগৰাকী বেংগলী ছবি জগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। তেওঁৰ বেগৰ পৰা উদ্ধাৰ হোৱা ডায়েৰীত ক’ৰ পৰা কিমান টকা লুটিছে সকলো হিচাপ আছে। কিয় অভিনেত্ৰীগৰাকীয়ে এই কাম কৰিছে তাৰ তদন্ত চলাই আছে আৰক্ষীয়ে। অভিনেত্ৰীগৰাকীক এক ডাঙৰ চক্ৰৰ অংশ বুলিয়ে ধাৰণা কৰিছে আৰক্ষীয়ে।

Post a Comment

Previous Post Next Post