ডিব্ৰুগড় আৰক্ষী ছাউনীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। আৰক্ষী স্বামীয়ে ছাৰ্ভিচ কাৰ্বাইনেৰে গুলীয়াই হত্যা কৰিলে পত্নীক। পাৰিবাৰিক কন্দলৰ বাবেই এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। নিহত মহিলাগৰাকীৰ নাম জয়শ্ৰী চেতিয়া। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত হত্যাকাৰী স্বামী বিকি চেতিয়াক। নিশা প্ৰায় ১ বজাত সংঘটিত হয় এই হত্যাকাণ্ড।
এই ঘটনাৰ পিছতে ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ সন্মুখত পৰিস্থিতি উত্তাল কৰি তোলে মহিলাগৰাকীৰ পিতৃগৃহৰ পৰিয়ালৰ লোকে। আজি ডিব্ৰুগড় সদৰ থানাৰ চৌহদত হত্যাকাৰী বিকীৰ ফাঁচীৰ দাবীত বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
উল্লেখযোগ্য যে, ডিব্ৰুগড় সদৰ থানাৰ সন্মুখতে থকা আৰক্ষী নিৱাসত বিকি চেতিয়াৰ অন্তঃসত্ত্বা পত্নী জয়শ্ৰীক কাৰ্বাইন বন্দুকেৰে দুই জাঁই গুলীচালনা কৰি হত্যা কৰে। বুকু আৰু ডিঙিত গুলীবিদ্ধ হোৱাত থিতাতে মৃত্যু হয় জয়শ্ৰীৰ। ইয়াৰ পিছতে নিশাই ঘটনাস্থলীত ডিব্ৰুগড় আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি এ এম চিলৈ প্ৰেৰণ কৰে। ডিব্ৰুগড় বিদেশী ন্যায়ধীকৰণৰ এগৰাকী সদস্যৰ দেহৰক্ষী হিচাপে কৰ্মৰত বিকিক নিশাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
ঘটনাস্থলীৰ পৰা আৰক্ষী কনিষ্টবল বিকিৰ কাৰ্বাইন বন্দুকসহ দুটা খালী কাৰ্টিজ উদ্ধাৰ কৰি আৱাসটো ছীল কৰি দিয়ে। ঘটনা সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে। তিনি বছৰীয়া প্ৰেম-ভালপোৱাৰ পিছত বিগত চাৰি বছৰ পূৰ্বে দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল। চাবুৱাৰ ডঙ্গৰচুকৰ নিবাসী চতুকন চেতিয়া আৰু কৃষ্ণামণি চেতিয়াৰ তৃতীয় কন্যা জয়শ্ৰীক হত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ডিব্ৰুগড় আৰক্ষীয়ে বৰ্তমানেও তদন্ত অব্যাহত ৰাখিছে। ইফালে বিকিক ন্যায়িক জিন্মালৈ প্ৰেৰন কৰিছে।