সুৰাৰ দোকানলৈ শিল নিক্ষেপ অগ্নিশৰ্মা বিজেপি নেত্ৰী উমা ভাৰতীৰ, ভাইৰেল হ’ল ভিডিঅ’

 


ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেত্ৰী উমা ভাৰতীয়ে দেওবাৰে এখন সুৰাৰ দোকানৰ ভিতৰত প্ৰৱেশ কৰি সুৰাৰ বটলত শিল নিক্ষেপ কৰে।

সুৰাৰ দোকানখনৰ ভিতৰত প্ৰৱেশ কৰি সুৰাৰ বটলৰ ওপৰত শিল নিক্ষেপ কৰাৰ ভিডিঅ’ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে নিজেই সামাজিক মাধ্যমত শ্বেয়াৰ কৰে।

মধ্যপ্ৰদেশৰ ভূপালৰ বৰখোড়া পঠানী আজাদ নগৰত থকা এখন সুৰাৰ দোকানৰ সন্মুখত সুৰা বিচৰা লোকে দীঘলীয়া শাৰী পাতি আছিল। দোকানখনৰ ওচৰত এটা মন্দিৰ আৰু এখন বিদ্যালয় অৱস্থিত।

এই দোকানৰ পৰা সুৰা ক্ৰয় কৰি সুৰা পান কৰা লোকসকলে প্ৰায়ে বিদ্যালয়খনলৈ অহা ছাত্ৰী সকলৰ প্ৰতি আৰু স্থানীয় মহিলা সকলৰ প্ৰতি অশ্লীল মন্তব্য কৰি অহা বুলিও স্থানীয় লোক সকলে অভিযোগ উত্থাপন কৰি আহিছিল।

এই অভিযোগৰ পাছতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে দোকানখনৰ ভিতৰত প্ৰৱেশ কৰি খঙত অগ্নিশৰ্মা হৈ সুৰাৰ বটললৈ শিল নিক্ষেপ কৰে আৰু শীঘ্ৰে সুৰাৰ দোকানখন বন্ধ কৰাৰ বাবেও নিৰ্দেশ দিয়ে।

উমা ভাৰতীয় শ্ৰমিক সকলৰ দিন হাজিৰাৰৰ অধিকাংশ ধন এইদৰে সুৰাৰ দোকানত অপচয় হয় বুলিও লগতে সামজিক মাধ্যমত লিখে।

Post a Comment

Previous Post Next Post