অসম বিধানসভাৰ ২০২২-২৩ বৰ্ষৰ বাজেট অধিবেশনৰ প্ৰথম দিনাখনে বিধানসভাৰ পৰা বহিষ্কাৰ কৰা হৈছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক।
ৰাজ্যপালৰ ভাষণৰ সময়ত হুলস্থলীয়া পৰিবেশ সৃষ্টি কৰাৰ সময়তে বিধানসভাৰ অধ্যক্ষই বিধায়ক অখিল গগৈক বহিষ্কাৰ কৰে।
বিধানসভাৰ বাজেটে অধিবেশনৰ প্ৰথম দিনাখনে বহিষ্কাৰৰ সন্মুখীন হ’বলগীয়া হোৱাৰ পাছত সংবাদ মাধ্যমৰ সন্মুখত ক্ষোভ প্ৰকাশ কৰি শিৱসাগৰৰ বিধায়ক গৰাকীয়ে প্ৰয়োজন হ’লে বিধায়ক পদ ত্যাগ কৰিবলৈয়ো সাজু বুলি কয়।
“মুখ্য মন্ত্ৰীয়ে মোৰ ভাষণৰ ওপৰত ডেৰ ঘণ্টা ভাষণ দিয়ে আৰু মই এক মিনিট কথা ক’লেই বহিষ্কাৰ কৰে,” অখিল গগৈয়ে ক্ষোভ প্ৰকাশেৰে কয়।
আনহাতে, ৰাজ্যপালৰ ভাষণ প্ৰসংগত অখিল গগৈয়ে তেওঁৰ পক্ষে এনেধৰণৰ মিছা মিছা কথা শুনি থকাটো সম্ভৱপৰ নহয় বুলি কয়।
উল্লেখযোগ্য যে, আজিৰে পৰা অসম বিধানসভাৰ ২০২২-২৩ বৰ্ষৰ বাজেট অধিবেশন আৰম্ভ হৈছে। ১৭ মাৰ্চত বিত্ত মন্ত্ৰী অজন্তা নেওগে বিত্তীয় বাজেট উত্থাপন কৰিব।