আলু, বিলাহীৰ দাম চাই থাকিবলৈ মই ৰাজনীতিত যোগ দিয়া নাই : ইমৰাণ খান

 


পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খানৰ বিৰুদ্ধে বিৰোধী দল সমূহে অসহযোগ প্ৰস্তাৱ আগবঢ়োৱাৰ দাবী উত্থাপন কৰাৰ পাছতে মন্তব্য প্ৰকাশ কৰিছে ইমৰাণ খানে।

দেশত আলু, পিয়াঁজ আৰু বিলাহীৰ মূল্য বৃদ্ধি লক্ষ্য কৰি থাকিবলৈ তেওঁ প্ৰধান মন্ত্ৰী হোৱা নাই বুলি ইমৰাণ খানে কয়।

“মই আলু, পিয়াঁজ আৰু বিলাহীৰ মূল্য বৃদ্ধি লক্ষ্য কৰি থাকিবলৈ প্ৰধান মন্ত্ৰী হোৱা নাই,” ইমৰাণ খানে কয়।

৬৯ বছৰীয়া প্ৰাক্তন ক্ৰিকেটাৰ তথা ৰাজনীতিক গৰাকীয়ে ২৫ বছৰ পূৰ্বে তেওঁ দেশৰ যুৱপ্ৰজন্মৰ হকে কাম কৰাৰ বাবে ৰাজনৈতিত যোগদান কৰিছিল বুলি কয়।

“২৫ বছৰ পূৰ্বে মই দেশৰ যুৱপ্ৰজন্মৰ হকে কাম কৰাৰ বাবে ৰাজনীতিত যোগদান কৰিছিলো, ইয়াত মোৰ ব্যক্তিগত কোনোধৰণৰ লাভালাভ নাই,” ইমৰাণ খানে কয়।

উল্লেখযোগ্য যে, অলপতে পাকিস্তানৰ বিৰোধী দল সমূহে পাকিস্তানৰ সংসদ ভৱনৰ ভিতৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি প্ৰধান মন্ত্ৰী ইমৰাণ খানৰ বিৰুদ্ধে অসযোগ প্ৰস্তাৱ উত্থাপন কৰাৰ দাবী জনাইছিলয।

Post a Comment

Previous Post Next Post