কানাডাত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত পাঁচগৰাকী ভাৰতীয় ছাত্ৰৰ মৃত্যু হোৱাৰ বাতৰিয়ে শোকৰ ছাঁ পেলাইছে।
কানাডাৰ ট’ৰ’ণ্টো’ৰ ওচৰত সংঘটিত হোৱা পথ দুৰ্ঘটনাটোত ভাৰতীয় ছাত্ৰ পাঁচগৰাকীৰ মৃত্যু হোৱাৰ লগতে দুজন ছাত্ৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
পথ দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হোৱা যুৱক দুজনক উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ হস্পিটেলত ভৰ্তি কৰোৱা হয়।
যাত্ৰীবাহী এখন বাহনৰ সৈতে এখন ট্ৰেক্টৰৰ সৈতে মুখামুখি সংঘৰ্ষ ঘটাৰ ফলত শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হয়।
পথ দুৰ্ঘটনাটোত মৃত্যু হোৱা ভাৰতীয় ছাত্ৰ কেইজন হৈছে ক্ৰমে- হৰপ্ৰীত সিং, জাচপিন্দৰ সিং, কাৰপাল সিং, মোহিত চৌহান আৰু পৱান কুমাৰ।
কানাডাত থকা ভাৰতীয় দূতাবাশৰ কাৰ্য্যালয়ৰ পৰ এই শোকাৱহ পধ দুৰ্ঘটনাটোৰ বিষয়ে উল্লেখ কৰা হয়।
শোকাৱহ পথ দুৰ্ঘটনাটোত মৃত্যু হোৱা আৰু আঘাতপ্ৰাপ্ত হোৱা ভাৰতীয় ছাত্ৰ কেইজনৰ বয়স ২১ বছৰৰ পৰা ২৪ বছৰৰ ভিতৰত বুলি প্ৰকাশ কৰা হৈছে।