চত্তিশগড়ত সোমবাৰে সংঘটিত আইইডি বিস্ফোৰণত ইণ্ডো-তিব্বত বোৰ্ডাৰ পুলিচৰ এজন বিষয়াৰ মৃত্যু হোৱাৰ লগতে আন এজন মুখ্য কনিষ্টবল আঘাতপ্ৰাপ্ত হয়।
চত্তিশগড়ৰ নাৰায়ানপুৰত এই শক্তিশালী আইইডি বিস্ফোৰণটো সংঘটিত হয়।
নক্সালবাদী গোটে আইটিবিপিৰ ওপৰত আক্ৰমণ কৰাৰ লক্ষৰে শক্তিশালী আইইডিটোৰ বিস্ফোৰণ ঘটায়।
চত্তিশগড়ৰ নাৰায়নপুৰত নিৰ্মাণৰত এটা পথৰ ক্ষেত্ৰত নিৰ্মাণকৰ্মী সকলৰ সুৰক্ষাৰ নিশ্চিত কৰাৰ বাবে টহল দি থকা আইটিবিপিৰ দলৰ ওপৰত এই আইইডি বিস্ফোৰণটো সংঘটিত হয়।
ইণ্ডো-তিব্বত বোৰ্ডাৰ পুলিচৰ ৫৩ সংখ্যক বেটেলিয়নৰ তহলদাৰী দলৰ ওপৰত আক্ৰমণটো সংঘটিত হয়।
আনহাতে, এই আইইডি বিস্ফোৰণ সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত নিৰাপত্তাৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে।
আঘাতপ্ৰাপ্ত মুখ্য কনিষ্টবলজনক হস্পিটেলত ভৰ্তি কৰোৱা হৈছে।