ডিব্ৰুগড়ৰ বিশেষভাৱে সক্ষম গৃহৰক্ষী জোৱান শ্বেন মেকনায়াৰলৈ 'ড্ৰাইভাৰ কেৰল বঁটা'

 


ডিব্ৰুগড়ৰ মূকবধিৰ গৃহৰক্ষী জোৱান শ্বেন মেকনায়াৰলৈ আগবঢ়োৱা হৈছে 'ড্ৰাইভাৰ কেৰল বঁটা'। সৰ্বভাৰতীয় এংলো-ইণ্ডিয়ান এছ'চিয়েচনে প্ৰদান কৰিছে এই বঁটা। সুদীৰ্ঘ ২০ বছৰে বিনা বেতনেৰে ৰাজপথত যান-জঁট নিয়ন্ত্ৰণ কৰা এজন মূকবধিৰ গৃহৰক্ষী জোৱান শ্বেন মেকনায়াৰে দায়বদ্ধতাৰে দায়িত্ব পালন কৰি বিভিন্নজনৰ পৰা সন্মান-আদৰ বুটলিবলৈ সক্ষম হৈছিল।


হোমগাৰ্ডত নিযুক্তি লাভ কৰি তেওঁ অধিক নিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰি অসম আৰক্ষীৰ বাবে গৌৰৱ হৈ পৰিছে এতিয়া। প্ৰতিদিনেই এযোৰ খাকী পোছাক পিন্ধি ৰাজপথত ছিগনেল, হুইছেল বজাই শৃংখলাবদ্ধতাৰে পূজা, বিজয়া দশমী, বিহু বা VIP আগমনৰ সময়তো সক্ৰিয়তাৰে যান-জঁট নিয়ন্ত্ৰণ কৰি আহিছিল মেকনায়াৰে ।

মহামাৰী ক'ৰোনা আতংকৰ সময়তো ৰাজপথত দিনে-নিশাই সৈনিকৰ ৰূপত নিজৰ সেৱা আগবঢ়াই যোৱা ডিব্ৰুগড়ৰ নালিয়াপুলৰ বাসিন্দা মূকবধিৰ এই ব্যক্তিয়ে চহৰখনৰ ব্যস্ত ৰাজপথত ৰ'দে-বৰষুণে সেৱা আগবঢ়াই আহিছে।

জন্মগতভাৱেই মূকবধিৰ শ্বেন মেকনায়াৰৰ পত্নীও মূকবধিৰ, নোৱাৰে কথা ক'ব। দুই কন্যাসহ জীৱন সংগ্ৰাম চলাই যোৱা এই জোৱান জনলৈ শেহতীয়াকৈ সৰ্বভাৰতীয় এটা সংস্থা  The All- India Anglo-Indian Association য়ে আগবঢ়াইছে The 'Driver Carroll Award ' ।

সৰ্বভাৰতীয় এংলো ইণ্ডিয়ান এছ'চিয়েচনে তেওঁৰ সেৱাৰ স্বীকৃতি স্বৰূপে আগবঢ়োৱা সন্মান প্ৰাপ্তিত পত্নী, দুই কন্যাৰ লগতে মাতৃ আৰু ভাতৃৰ মাজত আনন্দৰ জোৱাৰ উঠিছে।

Post a Comment

Previous Post Next Post