ৰাহুলক শীৰ্ষত চাব বিচাৰে কংগ্ৰেছে! ছোনিয়াৰ ওচৰত আৰ্জি ৱৰ্কিং কমিটীৰ নেতাৰ

 


কোন দিশে কংগ্ৰেছ? ৱৰ্কিং কমিটীৰ বৈঠকত কোনো দিশ নিৰ্দেশনা। কোনোৱে কয় ৰাহুল গান্ধীক দলৰ সভাপতি পদত বিচাৰো। কোনোৱে আকৌ ডিঙি ফুলালে প্ৰিয়ংকা গান্ধীৰ  সমৰ্থনত। বহুতে আকৌ ছোনিয়া গান্ধীকে সভানেত্ৰী পদত বিচাৰে। এনে অৱস্থাত দেওবাৰে ৫ ঘণ্টীয়া বৈঠকত কাৰ্যত কোনো সমাধান সূত্ৰ নোলাল।


ৱৰ্কিং কমিটীৰ বৈঠকৰ পিছত সংবাদ মেলত কে চি বেণুগোপালে কয়, ‘‘২০২২, ২০২৩ৰ পৰৱৰ্তী বিধানসভা নিৰ্বাচন আৰু ২০২৪ৰ লোকসভা নিৰ্বাচনত প্ৰত্যাহ্বানৰ মুখামুখি হ’বলৈ প্ৰস্তুত কংগ্ৰেছ।’’ বিধানসভা নিৰ্বাচনৰ ফলাফল দলৰ পক্ষে উদ্বেগৰ কাৰণ বুলি জনোৱা হৈছে সংবাদমেলত। পঞ্জাবত দলে প্ৰতিষ্ঠানবিৰোধী ঢৌক ঠিকমতে কামত লগাব পৰা নাই বুলি ধাৰণা কৰিছে কংগ্ৰেছে। আগন্তুক দিনত সেই সকলো সমস্যা দূৰ হৈ যাব বুলি জনোৱা হৈছে দলৰ ফালৰ পৰা।

উপযুক্ত কৌশল আৰু ধাৰাবাহিক ভিন্ন সমস্যাৰ বাবেই বিধানসভা নিৰ্বাচনত ফলাফল বেয়া হোৱা বুলি স্বীকাৰ কৰে কে চি বেণুগোপাল আৰু ৰণদীপ সুৰজেৱালাই। প্ৰায় ৫ ঘণ্টাৰ বৈঠকৰ ্ন্তত ৱৰ্কিং কমিটীৰ সদস্য কে চি বেমুগোপালে জনায়, বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্বৰ অধিৱেশন শেষ হ’লেই বহিব কংগ্ৰেছৰ চিন্তন শিবিৰ। কিন্তু তাৰ পূৰ্বে এবাৰ বৈঠকত মিলিত হ’ব ৱৰ্কিং কমিটী। তাতেই দলৰ সাংগঠনিক সংস্কাৰসহ কৌশলক লৈ বিস্তাৰিতভাৱে আলোচনা হ’ব।

ৱৰ্কিং কমিটীৰ বৈঠকত ৰাহুল গান্ধীকে কংগ্ৰেছৰ সভাপতি পদৰ দায়িত্ব লোৱাৰ দাবী উঠে। বৈঠকত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়ত ৰাজস্থানৰ মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমক কয়, ৰাহুল গান্ধীয়ে দলৰ সভাপতিৰ দায়িত্ব লোৱা উচিত। বৈঠকতো এই দাবীক লৈ সৰৱ হয় তেওঁ। তেওঁৰ সৈতে সহমত পোষণ কৰে অজয় মাকেনৰ দৰে গান্ধী পৰিয়ালৰ ঘনিষ্ঠ নেতায়ো। ফলত বৈঠকত স্পষ্ট হয় যে গান্ধী পৰিয়ালৰ ছাঁৰ পৰা এতিয়াও মুক্ত হ’ব পৰা নাই শতাব্দী প্ৰাচীন দলটো।

Post a Comment

Previous Post Next Post