দেশ জোকাৰি যোৱা মণিপুৰৰ ভাইৰেল ভিডিঅ' কাণ্ডৰ এজন অভিযুক্ত গ্ৰেপ্তাৰ



এটা ভিডিঅ’ক লৈ পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ (Manipur Viral Video)। দুগৰাকী মহিলাক উলংগ কৰি অমানুষিক নিৰ্যাতন চলোৱাৰ ভিডিঅ’ক লৈ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে (N Biren Singh) ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ আহ্বান কৰে।গ্ৰেপ্তাৰ হৈছে মণিপুৰ কাণ্ডৰ এজন অভিযুক্ত। ভিডিঅ’uটোত দেখা সেউজীয়া টি-চাৰ্ট পিন্ধি মহিলাগৰাকীক ধৰি ৰখা মূল অভিযুক্তজনক আজি পুৱা সঠিক চিনাক্তকৰণৰ অন্তত এক অভিযানত গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ নাম খৈৰাম হীৰাদাস মেইটেই। ২ মহিলাক উলংগ কৰি সমদল, হত্যাৰ চেষ্টাৰ কাণ্ডৰ মূল অভিযুক্ত হৈছে হীৰাদাস। দুই মহিলাক উলংগ কৰি চলাইছিল নিৰ্যাতন। উলংগ কৰি ৰাজপথত সমদল উলিওৱা ভিডিঅ’ ভাইৰেল কৰিছিল।

মণিপুৰৰ নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙে জনালে এই কথা।

Post a Comment

Previous Post Next Post