প্ৰেমিক ভাৰতৰ, বিচাৰি আহিছে পাকিস্তান, বাংলাদেশৰ লগতে পোলেণ্ডৰ প্ৰেমিকাই


 

Lover’s land India! প্ৰেমৰ ভূস্বৰ্গত পৰিণত হ’বলৈ ওলাইছে নেকি ভাৰত! কিছুদিন পূৰ্বে পাকিস্তানৰ ৰমণী সীমা হাইদৰে প্ৰেমিক শচীনক লগ কৰিবলৈ পাকিস্তানৰ পৰা ভাৰতলৈ অহা ঘটনা উন্মোচিত হৈছিল। সীমাৰ ভাৰত আগমন বিতৰ্ক চলি থাকোঁতেই শেহতীয়াকৈ পোহৰলৈ আহিল আন এক প্ৰেম কাহিনীৰ  দুখজনক কথা। ঘটনাস্থলী ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশৰ এখন ভিতৰুৱা গাঁও। ইয়াৰ লগতে  প্ৰেমগাঁথাৰ  তৃতীয়টো ঘটনা ঝাড়খণ্ডৰ শাদাব আৰু পোলেণ্ডৰ পোলাক বাৰবাৰাৰ প্ৰেম।


পাবজী খেলি চিনাকি হৈ আশ্চৰ্যজনক পন্থাৰে ভাৰতত উপস্থিত হোৱা পাকিস্তানী ৰমণী সীমা হাইদৰৰ কথা সম্প্ৰতি সৰ্বত্ৰ চৰ্চিত। এইবাৰৰ কাহিনী ব্যতিক্ৰম। সীমাৰ ক্ষেত্ৰত হোৱাৰ দৰে এই প্ৰেম কাহিনীৰো মুখ্য হোতা হ’ল মোবাইল ফোন। অৱশ্যে এইবাৰ পাব জী নহয়, হোৱাটছ আপৰ জৰিয়তেহে চিনাকি হয় বাংলাদেশী ৰমণী জুলী আৰু ভাৰতৰ উত্তৰ প্ৰদেশৰ মোৰাদাবাদৰ যুৱক অজয়ৰ।হোৱাটছএপৰ জৰিয়তে মেছেজৰ আদান–প্ৰদানৰ পিছত এসময়ত নিজকে আৰু প্ৰেমিক অজয়ৰ পৰা আঁতৰাই ৰাখিব নোৱাৰি অজয়ক বিচাৰি মোৰাদাবাদলৈ আহিল জুলী। অজয়ক চিৰদিনৰ বাবে পাবলৈ হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত হৈ অজয়ৰ সৈতে বিয়াত বহিল জুলী।

বাধা নমনা প্ৰেমৰ শেহতীয়া উদাহৰণ দেখা গ’ল ঝাড়খণ্ডৰ হাজাৰিবাগত। ঝাড়খণ্দৰ ক্ষুদ্ৰ চহৰখনৰ সাধাৰণ পৰিয়ালৰ সন্তান শাদাবৰ প্ৰেমত হাবুডুবু খালে পোলেণ্ডৰ ৰমণী পোলাক বাৰবাৰাই। প্ৰেমৰ তাড়নাত আনকি পোলেণ্ডৰ পৰা উৰা মাৰি উপস্থিত হ’ল ঝাৰখণ্ডৰ হাজাৰিবাগl। সম্প্ৰতি শাদাবৰ সৈতে আনন্দময় জীৱন অতিবাহিত কৰিছে হাজাৰিবাগত।কিন্তু এই তিনিওটা প্ৰেম কাহিনীৰ আটাইতকৈ দুখজনক ঘটনাটো হ’ল জুলী-অজয়ৰ প্ৰেম। মোৰাদাবাদত অজয়েৰে বিবাহ পাশত আবদ্ধ হৈ বাংলাদেশলৈ উভতি গৈছিল জুলী। পৰৱৰ্তী সময়ত পত্নীৰ আহ্বানত অজয়ো গৈ বাংলাদেশত উপস্থিত হৈছিল। কিন্তু তাৰ কেইদিনমান পিছতেই অজয়ে তেওঁৰ মাতৃ সুনীতাক হোৱাটছ এপৰ জৰিয়তে মেছেজ দি, ফোন কল কৰি মাকৰ পৰা টকা বিচাৰে। হঠাৎ এদিন মাতৃ সুনীতাই হোৱাটছ এপত তেওঁৰ পুত্ৰৰ ক্ষত–বিক্ষত দেহৰ ফটো দেখাৰ পিছতহে ঘটনাই অইন দিশলৈ গতি লয়। ইতিমধ্যে অজয়ৰ মাকে এই সন্দৰ্ভত স্থানীয় থানাত গোচৰ তৰিছে।

সামাজিক মাধ্যমৰ বহু প্ৰচাৰৰ আঁৰতেই যে এই তিনিওটা প্ৰেম কাহিনীৰ মূল কথা সেয়া স্পষ্ট । এই তিনিওটা কাহিনীৰ ভিতৰত বাংলাদেশৰ কাহিনীটোত যে প্ৰেমৰ নামত ছলনাহে চলিল সেয়া একপ্ৰকাৰ স্পষ্ট হৈ পৰিল। এই প্ৰসংগতে সামাজিক মাধ্যম ব্যৱহাৰ কৰাৰ সময়ত অধিক সচেতন হোৱাৰ বাবে সজাগতা সৃষ্টিৰ সময়ো আহি পৰিছে নিশ্চয়।

Post a Comment

Previous Post Next Post