সংসদৰ বৰ্ষাকালীন অধিৱেশনত মণিপুৰৰ ঘটনাক লৈ মুখ খুলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Modi in Manipur)। সম্প্ৰতি ছচিয়েল মিডিয়াত মণিপুৰৰ দুই মহিলাক বিবস্ত্ৰ কৰি সমদল কৰাৰ ভিডিঅ’ ভাইৰেল হৈছে। এই ঘটনা ৪ মে’ৰ বুলি কোৱা হৈছে। এই ঘটনাক লৈ প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘মই সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক আহ্বান জনাইছো, নিজৰ ৰাজ্যত আইন ব্যৱস্থাত অধিক মজবুত কৰক। বিশেষকৈ আমাৰ মাতৃ–ভগ্নীসকলৰ সুৰক্ষাৰ বাবে। কঠিন পদক্ষেপ গ্ৰহণ কৰক। ৰাজনীতি, বাদ–বিবাদৰ ঊৰ্ধ্বত গৈ প্ৰথমে নাৰীৰ সন্মান ৰক্ষা কৰা হওক।’’
প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘কোনো অপৰাধীক এৰি দিয়া নহয়। মণিপুৰৰ জীয়ৰীৰ সৈতে যি হৈছে, সেয়া ক্ষমাৰ অযোগ্য।’ এই ঘটনাত সমগ্ৰ দেশৰ শিৰনত হৈছে।’’
মোদীয়ে কয়, ‘‘এই ঘটনাত ১৪০ কোটি দেশবাসী লজ্জানত হৈছে। দোষীক ৰেহাই দিয়া নহ’ব। কঠোৰতকৈও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। মণিপুৰৰ জীয়ৰীসকলৰ সৈতে হোৱা অপৰাধ ক্ষমা কৰা নহ’ব। এয়া সভ্য সমাজক লজ্জানত কৰা ঘটনা। মণিপুৰৰ ভাইৰেল কাণ্ডত গোটেই দেশ লজ্জিত হৈছে।’’
ইতিমধ্যে এই কাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। থৌবাল জিলাৰ পৰা অভিযুক্ত খৈৰাম হীৰাদাসক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মণিপুৰৰ নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙে জনাইছে এই তথ্য। সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে ১২টা তদন্তকাৰী দল গঠন কৰা হৈছে।
আনহাতে, মণিপুৰৰ ভাইৰেল ভিডিঅ’ক লৈ তৎপৰ উচ্চতম ন্যায়ালয়ো। উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ বুজ লৈছে সমগ্ৰ ঘটনাৰ। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে দিছে নিৰ্দেশ। মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, ‘‘আমি চৰকাৰক কিছু সময় দিছো। অন্যথা হস্তক্ষেপ কৰিবলৈ আমি বাধ্য হ’ম।’’সমগ্ৰ ঘটনাক লৈ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে টুইট কৰি কয়, ‘‘এই ঘটনা দুৰ্ভাগ্যজন। চৰকাৰে নিজাববীয়াকৈ গোচৰ লৈ তদন্ত কৰিছে। বুধবাৰে ভিডিঅ’টো পোহৰলৈ আহিছিল। মণিপুৰ আৰক্ষীয়ে আজি পুৱাই এজনক গ্ৰেপ্তাৰ কৰিছে। দোষীৰ বিৰুদ্ধে কঠোৰতম শাস্তি নিশ্চিত কৰা হ’ব। প্ৰয়োজনত মৃত্যুদণ্ডৰ বিবেচনা কৰা হ’ব। সমাজত এনে বৰ্বৰ কাণ্ডৰ স্থান নাই।’’