শেহতীয়াকৈ যোৰহাটলৈ অহা দেশৰ জনপ্ৰিয় বিজ্ঞানী চোনম ৱাংগচুকে উচ্চ শিক্ষানুষ্ঠানসমূহক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । বিশিষ্ট বিজ্ঞানীগৰাকীক যোৰহাটস্থিত কাজিৰঙা বিশ্ববিদ্যালয়ে ডক্তৰ অৱ ফিলছফী ডিগ্ৰী প্ৰদান কৰি সন্মান জ্ঞাপন কৰিছে।
আপুনি যদিহে চোনম ৱাংগচুকৰ বিষয়ে জানিবলৈ বিচাৰিছে তেন্তে আপুনি উভতি যাব লাগিব ব্লকবাষ্টাৰ চিনেমা থ্ৰী ইডিয়টছৰ মাজলৈ । কাৰণ এই চিনেমাখনৰ মূল চৰিত্ৰটোৱে আছিল লাডাখৰ বিজ্ঞানী চোনম ৱাংগচুকৰ ওপৰত আধাৰিত । আমীৰ খান অভিনীত এই চিনেমাখনে সমগ্ৰ দেশতে ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল।
ন ন বৈজ্ঞানিক কৌশল আৱিস্কাৰৰ বাবে তথা লাডাখৰ জলবায়ু সুৰক্ষিত ৰখাৰ বাবে গ্ৰহণ কৰা বিশেষ পদক্ষেপৰ বাবে বিজ্ঞানীগৰাকীয়ে দেশজুৰি চৰ্চা লাভ কৰি আহিছে । শেহতীয়াকৈ যোৰহাটৰ কাজিৰঙা বিশ্ববিদ্যালয়ৰ বিশেষ অনুষ্ঠানত উপস্থিত থাকি নিজৰ বক্তব্যৰে ছাত্ৰ-ছাত্ৰী তথা শিক্ষকসকলক অনুপ্ৰাণিত কৰে বিশিষ্ট বিজ্ঞানীগৰাকীয়ে।
ছাত্ৰ-ছাত্ৰীসকললৈ পৰামৰ্শ আগবঢ়াই বিজ্ঞানীগৰাকীয়ে কয় যে এজন ছাত্ৰৰ যিটো বিষয়ত অধিক পাৰ্গত তথা আগ্ৰহী সেই দিশতে অধিক মনোনিৱেশ কৰি আগবাঢ়ি গ’লে সফল হ’ব পৰা যায় । আনহাতে একোখন ঠাইত থকা শিক্ষানুষ্ঠানসমূহে সেই ঠাইখনৰ সৱলতা আৰু দুৰ্বলতাৰ ওপৰত নিৰ্ভৰ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উৎকৰ্ষ সাধনত গুৰুত্ব প্ৰদান কৰিব লাগে বুলি গুৰুত্বপূৰ্ণ মত ব্যক্ত কৰে বিশিষ্ট বিজ্ঞানীগৰাকীয়ে ।লাডাখত প্ৰচণ্ড শীতৰ পৰা ৰক্ষা পাবলৈ তথা লাডাখৰ জলবায়ু , পৰিৱেশ সুস্থিৰ কৰি ৰাখিবলৈ বিজ্ঞানীগৰাকীয়ে সৰ্বাধিক গুৰুত্ব প্ৰদান কৰে লাডাখৰ যুৱচামক ইয়াৰ সৈতে জড়িত কৰোৱাত । ঠিক সেইদৰে অসমৰ দৰে ৰাজ্যৰ ক্ষেত্ৰত য’ত বানপানী এটা মূল সমস্যা ৰূপে পৰিগণিত হৈ আহিছে , এই ক্ষেত্ৰতো অসমৰ উচ্চ শিক্ষানুষ্ঠানসমূহত ছাত্ৰ-ছাত্ৰীসকলক এই সমস্যাৰ সমাধান উদ্ভাৱনৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰাত গুৰুত্ব দিবলৈ আহ্বান জনায় বিশিষ্ট বিজ্ঞানীগৰাকীয়ে।কাজিৰঙা বিশ্ববিদ্যালয়ৰ নৱম সমাৱৰ্তন অনুষ্ঠানত ব্যক্তিগত অসুবিধাৰ বাবে উপস্থিত থাকিব নোৱৰা বাবে শেহতীয়াকৈ বিশ্ববিদ্যালয়খনত উপস্থিত হোৱা চোনম ৱাংগচুকক বিশ্ববিদ্যালয়খনে সন্মানীয় ডক্তৰ অফ ফিলছফী ডিগ্ৰী প্ৰদান কৰে ।