সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ৰাজ্যত অব্যাহত থকা প্ৰবল বিৰোধিতাৰ সময়তে ভাৰতীয় জনতা পাৰ্টীৰ শিলচৰৰ সাংসদ ৰাজদীপ ৰয়ে দিলে অন্য মত। ৰাজদীপ ৰয়ে কৰিমগঞ্জ সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত লোকসভা সমষ্টি ৰূপে থকাটো বিচাৰে।
তেওঁ কয়– ‘‘কৰিমগঞ্জক দ্বিতীয় কাশ্মীৰ হ’বলৈ নিদিব।’’ আজিৰ কৰিমগঞ্জক কাইলৈৰ কাশ্মীৰ হবলৈ নিদিয়াৰ দায়বদ্ধতাৰে তেওঁ এই আহ্বান জনায়। ৰাজদীপ ৰয়ৰ মতক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অশোক সিংহলে। সিংহলে কয় যে
‘ৰাজদীপ ৰয়ে যদি বিৰোধিতা কৰিছে সেয়া তেওঁৰ ব্যক্তিগত কথা।’
উল্লেখ্য, আজি ৰাজনৈতিক দলৰ শুনানি গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে। বিজেপিৰো শুনানি গ্ৰহণ কৰে নিৰ্বাচন আয়োগে। বৰাকক লৈ কোনো প্ৰস্তাৱ নাই বিজেপিৰ। সংসদীয় সমষ্টিৰ নাম সলনিৰ বাবে প্ৰস্তাৱ ৰখা নাই BJPয়ে।