অসমত উপস্থিত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। তেওঁ গুৱাহাটীস্থিত ৰেডিছন ব্লু হোটেলত এটা অনুষ্ঠানত অংশ ল’বলৈ অসমলৈ আহে। গুৱাহাটীত কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু সীমা শুল্ক ব’ৰ্ডৰ অলংকৰন অনুষ্ঠানত অংশ লয়। এই অনুষ্ঠানৰ পিছতেই সংবাদ মাধ্যমৰ সন্মুখত মণিপুৰৰ ঘটনাক লৈ তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
তেওঁ কয় যে, কালি সংসদৰ অধিবেশনৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে। সমগ্ৰ দেশে এই ঘটনাক লৈ লজ্জিত হৈছে। সংবেদনশীল আৰু গুৰুতৰ পৰিস্থিতিৰ মাজেৰে যুঁজি আছে। তেনে সময়তে এনে এটা ঘটনাই সকলোকে আঘাত সানিছে। এই ঘটনাক বৰ্ণনা কৰিবলৈ কোনো ভাষা নাই বুলি তেওঁ উল্লেখ কৰে। লগতে ঘটনাটোক লৈ ইতিমধ্যেই ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলিও জনায়।
ইয়াৰোপৰি তেওঁ কয় যে, ‘‘দোষীয়ে উপযুক্ত শাস্তি পাব বুলি মই নিশ্চিত।’’
শেহতীয়াকৈ মণিপুৰত সংঘটিত হোৱা এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দুগৰাকী মহিলাক শ শ পুৰুষে অমানৱিক অত্যাচাৰ কৰা দেখিবলৈ পোৱা গৈছে। জানিব পৰা মতে এই ঘটনা বিগত মে’ মাৰ ৪ তাৰিখে সংঘটিত হৈছিল। মণিপুৰত সাম্প্ৰদায়িক সংঘৰ্ষ চলি থকাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছিল বাবে এই ঘটনাটো পোহৰলৈ অহা নাছিল। কিন্তু বুধবাৰে এই ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতেই সমগ্ৰ দেশৰ লোকসকলে এই ঘৃণনীয় কাণ্ডৰ বিষয়ে জানিব পৰা যায়। দেশবাসীয়ে এই ঘটনাৰ তীব্ৰ সমালোচনা কৰিছে।দেশৰ উচ্চতম ন্যায়ালয়ে এই ঘটনাৰ দোষীক শাস্তি দিয়াৰ বাবে ব্যৱস্থা লোৱাৰ কথা ঘোষণা কৰে যদিহে চৰকাৰে এই বিষয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰে। আনহাতে, দেশৰ প্ৰধানমন্ত্ৰীয়ে বৃহস্পতিবাৰে আৰম্ভ হোৱা বৰ্ষাকালীন সংসদ অধিৱেশনৰ পূৰ্বে মণিপুৰৰ ঘটনাৰ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি এই কাণ্ডক লজ্জাজনক বুলি আখ্যা দিয়ে। লগতে তেওঁ দোষীক উচিত শাস্তি দিয়াৰ নিৰ্দেশ জাৰী কৰে।