শিক্ষা বিভাগৰ আজৱ কাণ্ড! ৩০ ফেব্ৰুৱাৰীত জন্ম হ’ল শিশুৰ, ক’ত?


 

বিহাৰৰ শিক্ষা বিভাগ প্ৰায়ে চৰ্চাত থাকে। এইবাৰ বিভাগটোৱে এক এনে কাণ্ড কৰিলে যাক লৈ এতিয়া চলিছে চৰ্চা। শিক্ষা বিভাগে এখন নথিত ছাত্ৰৰ জন্মৰ তাৰিখ উল্লেখ কৰিলে ৩০ ফেব্ৰুৱাৰী। এতিয়া মানুহৰ মাজত চৰ্চা চলিছে যে ফেব্ৰুৱাৰী মাহ ২৮ বা ২৯ দিনৰ হয়, তেনেস্থলত শিশুটিৰ জন্ম ৩০ ফেব্ৰুৱাৰীত কেনেকৈ হ’ব পাৰে। ইয়াৰ পিছতে এতিয়া ছাত্ৰজনৰ বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে।

ছাত্ৰজনৰ নথিত এনে এটা তাৰিখ উল্লেখ কৰিলে যিটো কেলেণ্ডাৰত উপলব্ধ নহয়। উল্লেখযোগ্য যে ফেব্ৰুৱাৰী মাহ ২৮ বা ২৯ দিনৰ হয়। কিন্তু এই শিশুটিৰ ট্ৰান্সফাৰ চাৰ্টিফিকেটত তেওঁৰ জন্মৰ তাৰিখ ৩০ ফেব্ৰুৱাৰী উল্লেখ কৰা হৈছে।

ঘটনাতো জমুই জিলাৰ চকাই প্ৰকণ্ড অঞ্চলৰ। অষ্টম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত অমন কুমাৰ নামৰ ছাত্ৰজনৰ ট্ৰান্সফাৰ চাৰ্টিফিকেট বিদ্যালয় প্ৰধানৰ দ্বাৰা বনোৱা হৈছিল। য’ত তেওঁৰ জন্মৰ তাৰিখ ৩০ ফেব্ৰুৱাৰী ২০০৯ লিখা হয়। ট্ৰান্সফাৰ চাৰ্টিফিকেটত এই আজৱ তাৰিখ লিখাক লৈ এতিয়া চৰ্চা চলিছে।ট্ৰান্সফাৰ চাৰ্টিফিকেটত ভুল তাৰিখ লিখাৰ পিছত অমন কুমাৰৰ নৱম শ্ৰেণীত নামভৰ্তিত সমস্যাৰ সৃষ্টি হৈছে। অমনৰ পিতৃ ৰাজেশ যাদৱে কয় যে আমি কেইবাবাৰো বিদ্যালয় প্ৰধানক ভুল জন্মৰ তাৰিখ শুধৰোৱাৰ বাবে কৈছিলো। কিন্তু তেওঁ এই কাম কৰা নাছিল। এনে অৱস্থাত মোৰ সন্তানৰ নামভৰ্তি সম্ভৱ হোৱা নাই। বিদ্যালয়ৰ ভুলৰ পৰিণাম মোৰ পুত্ৰই ভুগিবলগীয়া হৈছে।

এই সন্দৰ্ভত প্ৰশ্ন কৰাত জিলা শিক্ষা পদাধিকাৰী কপিল দেৱ তিৱাৰীয়ে কয় যে ঘটনাটো জানিব পাৰিছো। কোনোৱে হোৱাট্ছএপৰ জৰিয়তে প্ৰমাণ পত্ৰখন মোলৈ পঠিয়াইছে। তেওঁ কয় যে এই সন্দৰ্ভত বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পৰা স্পষ্টীকৰণ বিচৰা হৈছে। তেওঁৰ স্পষ্টীকৰণৰ পিছত ব্যৱস্থা কৰা হ’ব।

কপিল দেৱ তিৱাৰীয়ে কয় এনে ভুল জানি–বুজি কৰা ভুল নহয়। অজ্ঞানতাৰ বাবে এনে ভুল হয় আৰু ইয়াৰ দ্বাৰা এই কথা স্পষ্ট হৈছে যে তেওঁ বিদ্যালয়ৰ প্ৰধান শিক্ষক হৈ থকাৰ যোগ্য নহয়।

Post a Comment

Previous Post Next Post