''আপোনাৰ নাম শুনিলেই আপোনাৰ সন্তান ত্ৰাসিত হয়, কিয়?''


 

শিশু নিৰ্যাতনৰ অভিযোগত অভিযুক্ত ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলামক ন্যায়িক প্ৰক্ৰিয়াৰ বাবে আদালতলৈ অনাৰ সময়ত বৃহস্পতিবাৰে সাংবাদিকৰ কিছু প্ৰশ্নৰ উত্তৰ দিয়ে ডাঃ সংগীতা দত্তই।

জামিন বিচাৰি আদালতত আৱেগিক হোৱা সংগীতা দত্তই নিজৰ দুই শিশুলৈ মনত পৰি থকা বুলি জানিবলৈ দি কয় যে তেওঁ ডাঙৰ ষড়যন্ত্ৰৰ বলি হৈছে। এটা কাহিনী ৰচনা কৰা হৈছে তেওঁ পৰিয়ালৰ বিৰুদ্ধে। অৱ‍শ্যে এই ষড়যন্ত্ৰৰ নেপথ্যত কোন আছে তেওঁ কবলৈ অসমৰ্থ হয়। কেৱল আদালতত বিচাৰ প্ৰক্ৰিয়াৰ পিছত সকলো জানিব বুলি উল্লেখ কৰে।সংগীতা দত্তই কয়- ‘‘মই পুৱা ১০ বজাৰ পৰা নিশা ১২ বজালৈ ঘৰত নাথাকো। বাহিৰত থাকোঁ। মাৰ্চ আৰু এপ্ৰিলত বাহিৰলৈ গৈছিলোঁ, আধা মাহ নাছিলোঁ, তেনে সময়তে এই ঘটনা ঘটিছে। মোৰ ঘৰত ৫গৰাকী কৰ্মচাৰী আছে, তেওঁলোকৰ ওপৰত এজন মেনেজাৰ আছে। ঘৰখন তেওঁলোকে চলাইছিল।’’

এইক্ষেত্ৰত সংগীতা দত্তই সকলো কথা যুক্তিৰে চালিজাৰি চাবলৈ আহ্বান জনায়। দত্তই কয়- ‘‘সকলোৱে কৈ আছে, এইটোৱে সঁচা, যদি আপোনালোকে ‘ম’ব চাইকোলজী’লৈ গুচি নাযায়, কথাবোৰ বিচাৰ কৰি চায়, তেন্তে এই কথাবোৰ ভালদৰে বুজি পাব।’’কথাৰ মাজতে সংগীতা দত্তই দুই শিশুলৈ মনত পৰাৰ কথা উল্লেখ কৰে। দুয়োটা শিশুৰ ভৱিষ্যতক লৈ চিন্তিত বুলি প্ৰকাশ কৰি ডাঃ দত্তই কয় যে তেওঁ দুই শিশুৰ সুভৱিষ্যতৰ বাবে যুঁজি যাব। এনে সময়তে তেওঁক সোধা হৈছিল দুই শিশুৱে তেওঁৰ নাম শুনিলে ভয় খায়, কিয়?

সংগীতা দত্তই এই অভিযোগ অস্বীকাৰ কৰি কয়- নকৰে এটা টিভি চেনেলত তেওঁলোকে আম্মাজান-আব্বুজান বুলি কৈছে। এইক্ষেত্ৰত তেওঁ পুনৰ একেখিনি কথাকে কয়- এই কথা ক্ৰিয়েট কৰা হৈছে, কাহিনী ৰচনা কৰা হৈছে।এতিয়া কাহিনী ৰচনা কোনে কৰিছে সেয়া আৰক্ষীৰ তদন্ত আৰু ন্যায়িক বিচাৰ প্ৰক্ৰিয়াত ওলাই পৰিব। আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিছে।

Post a Comment

Previous Post Next Post