নেদেখিলে হয়তো আপুনিও বিশ্বাস নকৰিব ৷ নিমিষতে জ্বলি উঠিল এজোপা নাৰিকল গছ ৷ ঘটনাটো নলবাৰীৰ ৷ নলবাৰী জিলাৰ বানেকুছিত জৱাহৰ নৱোদয় বিদ্যালয়ৰ চৌহদত পৰিল বজ্ৰ। এজোপা নাৰিকল গছত এই বজ্ৰ পৰাৰ ফলত মুহূৰ্ততে দাউদাউকৈ জ্বলি উঠিল নাৰিকলজোপা।
এই ঘটনাত অন্য একো ক্ষতি হোৱা নাই যদিও নাৰিকলডালৰ ওপৰ অংশত জুই লগাত কিছুসময় এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। কালিৰে পৰা নলবাৰীত বতৰ কিছু সেমেকা ৷ তাৰ মাজতেই বৃহস্পতিবাৰে সন্ধিয়া সময়ত অকস্মাতে বজ্ৰ পৰি জ্বলি উঠিল এই সুউচ্চ নাৰিকলজোপা। এই ঘটনাত অন্য একো ক্ষতি হোৱা নাই।
অৱশ্যে বজ্ৰ পৰাৰ সময়ত নাছিল বৰষুণ। বতৰ মেঘাছন্ন হৈ থকাৰ সমান্তৰালকৈ বিজুলী ঢেৰেকনি আছিল। তাৰ মাজতেই ঘটিল এই অঘটন। এই ধৰণৰ দৃশ্য নিজ চকুৰে প্ৰত্যক্ষ কৰি কিছু সময়ৰ বাবে আতংকিত হৈ পৰে কিছু সংখ্যক আবাসী। ভিডিঅ’ত প্ৰত্যক্ষ কৰা দৃশ্য অতিকে ভয়াৱহ।
কিয়নো মুহুৰ্ততে বজ্ৰপাতৰ জুয়ে আগুৰি ধৰিছে নাৰিকল গছজোপাৰ ওপৰ অংশ। জুইৰ শিখা তললৈ চিটিকি পৰাও প্ৰত্যক্ষ হৈছে ভিডিঅ’টোত। মুহূৰ্ততে জীৱন্ত গছ এডাল এফালৰ পৰা জ্বলি আহিছে। এই দৃশ্য কোনোৱে মোবাইল কেমেৰাত আৱদ্ধ কৰিছিল।