গোৱালপাৰা জিলাৰ এখন গাঁও। গাঁওখনৰ নাম ডুবাপাৰা–পাহাৰসিংপাৰা। এই গাঁওখনৰ চাৰি শতাধিক পৰিয়াল বছৰ বছৰ ধৰি জড়িত হৈ আছে পাটী শিল্পৰ সৈতে। শিশুৰ পুৰা বৃদ্ধলৈ, পুৰুষ–মহিলা সকলোৱে পুৱাৰে পৰা নিশালৈ ব্যস্ত হৈ থাকে শীতল পাটী প্ৰস্তুত কৰাত।
দশক দশক ধৰি এই গাঁওখনৰ লোকসকল জড়িত এই পাটী শিল্পৰ সৈতে। সকলোৱে একগোট হৈ দিনে–নিশাই ব্যস্ত হৈ থাকে শীতল পাটী বনোৱা কামত। কেৱল শীতল পাটীয়ে নহয়, বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰস্তুত কৰে তেওঁলোকে।
কিন্তু এই শিল্পৰ সৈতে জড়িত লোকসকলে কামৰ উচিত মূল্য পোৱা নাই বুলি মন্তব্য কৰে। এজন লোকে দৈনিক এখন পাটী তৈয়াৰ কৰিব পাৰে বুলি মন্তব্য কৰে তেওঁলোকে। কিন্তু চৰকাৰৰ অন্যমনস্কতা আৰু মধ্যভোগীৰ বাবে এইসকল শিল্পীয়ে উচিত মূল্য লাভৰ পৰা বঞ্চিত হৈ আছে।
Tags:
National